বঙাইগাঁৱত সাধাৰণ, নিৰাপত্তা আৰু ব্যয় পৰ্যৱেক্ষক উপস্থিত

বঙাইগাঁওঃ ১৯ মাৰ্চঃ ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিৰ  নিৰ্বাচন পৰ্যৱেক্ষণ কৰাৰ বাবে দেশৰ নিৰ্বাচন আয়োগে নিযুক্তি দিয়া তিনি গৰাকীকৈ পৰ্যৱেক্ষক ইতিমধ্যে বঙাইগাঁৱত আহি উপস্থিত হৈছে । সেই অনুসৰি সমষ্টিটোৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ সাধাৰণ পৰ্যৱেক্ষক শশীভূষণ কুমাৰ, নিৰাপত্তা পৰ্যৱেক্ষক অনিল কিশোৰ যাদৱ আৰু ব্যয় পৰ্যৱেক্ষক চাতে পাণ্ডুৰাং ৷ সমষ্টিটোৰ সাধাৰণ ৰাইজ বা  প্ৰাৰ্থীয়ে নিৰ্বাচন সম্পৰ্কীয় যিকোনো অভিযোগৰ বাবে তিনিও গৰাকী পৰ্যৱেক্ষকক বঙাইগাঁও আৱৰ্ত ভৱনত আবেলি ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত সাক্ষাৎ কৰিব পাৰিব । সাধাৰণ পৰ্যৱেক্ষকক ম'বাইল নম্বৰ ৯৪৪০৩৯৯০০০/ ৯৩৯৪১৯৭১০৮ আৰু দূৰভাষ নম্বৰ ০৩৬৬৪-২৩০০৭২ ত নিৰাপত্তা পৰ্যৱেক্ষকক ম'বাইল নম্বৰ ৭০০২৭৩৮১৮১ আৰু দূৰভাষ নম্বৰ ০৩৬৬৪-২৩১৯৮৬  ত আৰু ব্যয় পৰ্যৱেক্ষক গৰাকীক ম'বাইল নম্বৰ ৯৩৯৪১৯৭১০৯ আৰু দূৰভাষ নম্বৰ ০৩৬৬৪-২২৩০০৯ ত যোগেও যোগাযোগ কৰিব পাৰিব ৷

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা