এইচডিএফচি বেংকে কৰ্মচাৰীৰ ক'ভিড- ১৯ টিকাকৰণৰ ব্যয় বহন কৰিব


১ লাখতকৈ অধিক কৰ্মচাৰীক সাঙুৰি ল'ব

কৰ্মচাৰীসকলৰ নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলক সাঙুৰি টিকাকৰণ


ষ্টাফ ৰিপ'ৰ্টাৰ,,,১৩ মাৰ্চ। কোৰোনা ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ বাবে শনিবাৰে দেশৰ আগশাৰীৰ বেংক প্ৰতিষ্ঠান এইচডিএফচি বেংকে তেওঁলোকৰ ১ লাখতকৈ অধিক কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক ভেকচিন প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। কোৰোনা টিকাকৰণৰ দুটা বাধ্যতামূলক ড'জ (doses)ৰ ব্যয় বেংকে বহন কৰিব। এই উদ্যোগ সম্পৰ্কে এইচডিএফচি বেংকৰ গ্ৰুপ হেড -এইচ আৰ, বিনয় ৰাজদানে কয়- “আমি আমাৰ কাৰ্যালয় আৰু শাখাসমূহত আমাৰ কৰ্মচাৰীসকল আৰু গ্ৰাহকসকলে সুৰক্ষিত বাতাবৰণত যাতে কাম কৰিব পাৰে তাৰ বাবে চৰকাৰী সকলো আদেশ অনুসৰণ কৰি আহিছোঁ। বেংকৰ লাখ লাখ গ্ৰাহকক সেৱা আগবঢ়োৱাৰ বাবে আমাৰ কৰ্মচাৰীসকলৰ আছে  অনুকৰণীয় দৃঢ়তা,পেছাদাৰীত্ব আৰু সমৰ্পণ। সেয়েহে আমাৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ টিকাকৰণৰ ব্যয় পৰিশোধ কৰি আমাৰ তৰফৰ পৰা তেওঁলোকক কৃতজ্ঞতা প্ৰকাশ কৰিম।“ আনহাতে এই সম্পৰ্কত এইচডিএফচি বেংকৰ গ্ৰুপ হেড আচিমা ভাটে কৈছে- “আমাৰ বাবে, আমাৰ কৰ্মচাৰীসকল সন্মুখৰ শাৰী কৰ্মীৰ দৰে, যিয়ে লকডাউনৰ সময়ছোৱাতো অত্যাৱশ্যকীয় বেংকিং সেৱা গ্ৰাহকসকলক আগবঢ়াই আছিল। আমি তেওঁলোকৰ সমৰ্পণৰ বাবে তেওঁলোকৰ প্ৰতি কৃতজ্ঞ। স্বাস্থ্য আৰু সুৰক্ষা নিশ্চিত কৰি   আমাৰ কৰ্মচাৰী আৰু তেওঁলোকৰ নিৰ্ভৰশীল পৰিয়ালক ক'ভিড-১৯ৰ পৰা সুৰক্ষিত কৰিবলৈ পদক্ষেপ হাতত লৈছোঁ।“লকডাউনৰ সময়চোৱাত আগশাৰীৰ স্বাস্থ্যসেৱা প্ৰদানকাৰী আৰু  চিকিৎসকসকলৰ সৈতে টাই-আপৰ জৰিয়তে কৰ্মচাৰীসকলৰ সুস্বাস্থ্য নিশ্চিত কৰিবলৈ এইচডিএফচি বেংকে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াৰ উপৰি 
শাখা আৰু কাৰ্যালয়ত  সুৰক্ষা প্ৰটোকল পালন কৰিছিল আৰু কৰ্মচাৰীৰ লগতে তেওঁলোকৰ পৰিয়ালয়ৰ সদস্য সকলৰ মানসিক কল্যাণৰ বাবে বিভিন্ন অনলাইন উদ্যোগ গ্ৰহণ কৰিছিল।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা