দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে মৰিগাঁও জিলা প্ৰশাসন সাজু

মৰিগাও জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত জিলা উপায়ুক্ত সীমা ৰেখা ভূঁঞাৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত কৰা হয় । এই সভাত মৰিগাঁও জিলাৰ ৭৯-জাগীৰোড বিধানসভা সমষ্টি, ৮০-মৰিগাঁও বিধানসভা সমষ্টি আৰু ৮১-লাহৰীঘাট বিধানসভা সমষ্টি, এই তিনিওটা সমষ্টিত অহা ১ এপ্ৰিলত অনুষ্ঠিত হব লগীয়া দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে নিয়োজিত কৰা জনেল আৰু ছেক্টৰ(চিভিল আৰু পুলিচ) অফিচাৰ সকলৰ সৈতে চা-চিনাকি কৰাই দিয়া হয়। এই সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাঁহী বিষয়া ক্ষীতিচ চন্দ্ৰ পেগুয়ে জনেল আৰু ছেক্টৰ অফিচাৰ সকলৰ কৰণীয় খিনি নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনায় । জিলা আৰক্ষী অধীক্ষক ড. নন্দ সিং বৰকলাই আইন শৃংখলা সম্পৰ্কে বিশদ ভাৱে বুজাই দিয়ে আৰু নিৰ্ভয়ে নিৰ্বাচন প্ৰক্ৰিয়াৰ গুৰুত্ব পূৰ্ণ দায়িত্ব পালন কৰি সুস্থ গনতন্ত্ৰ ব্যৱস্থা গঠন কৰাত সহায় আগবঢ়াবলৈ আহ্বান জনায়। অতিৰিক্ত উপায়ুক্ত হানিফ নুৰানীয়ে পৰিবহন ব্যৱস্থাৰ বিষয়ে সবিস্তাৰে বৰ্নণা দাঙি ধৰে। মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অনুৰাগ ফুকনে ইভিএম ব্যৱহাৰ সম্পৰ্কে খুটি নাটি কথা পুনৰ সোঁৱৰাই দিয়ে । উপায়ুক্ত সীমা ৰেখা ভূঁঞাই সকলোকে শুভেচ্ছা জ্ঞাপন কৰি দলবদ্ধ ভাৱে নিষ্ঠা আৰু নিখুটভাৱে দায়িত্ব পালন কৰি নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায় । আজিৰ সভাত মৰিগাঁও আৰু লাহৰীঘাট বিধানসভা সমষ্টিৰ সাধাৰন পৰ্যবেক্ষক কৈলাশ সিন্দে (আই,এ, এছ ) আৰু পুলিচ পৰ্যবেক্ষক ড. জে, যাদৱ (আই,পি,এছ,) প্ৰমুখ্যে অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, সহকাৰী আয়ুক্ত, চক্ৰ বিষয়া সকল আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া সকল উপস্থিত আছিল ।


মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা