উত্তৰ-পূব ভাৰতৰ মহিলা উদ্যোগীসকলৰ বাবে জিআইজেড আৰু ধৃতিৰ হাৰ এণ্ড নাও কহৰ্ট ৩.০ৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ



ষ্টাফৰিপোৰ্টাৰ: ধৃতি-দ্য কাৰেজ উইডিনে, জাৰ্মান উন্নয়ন সংস্থা ডয়চে গেচেলচাফ্ট ফৰ ইণ্টাৰনেচনেল জুচামেনাৰবেইট (জিআইজেড) জিএমবিএইচৰ সৈতে অংশীদাৰিত্বত, উত্তৰ-পূব ভাৰতৰ বাবে প্ৰকল্প হাৰ এণ্ড নাওৰ তৃতীয় সংস্কৰণৰ বাবে আবেদন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।

হাৰ এণ্ড নাও প্ৰকল্পটোৱে উচ্চাকাঙ্ক্ষী আৰু বিদ্যমান মহিলা উদ্যোগীসকলক ইনকিউবেচন কাৰ্যসূচীৰে স্বাৱলম্বী হোৱাত সহযোগিতা প্ৰদান কৰে। এই ৭ মাহৰ সম্পূৰ্ণ পুঁজিপ্ৰাপ্ত কাৰ্যসূচীয়ে, নিৰ্বাচিত মহিলা উদ্যোগীসকলক তেওঁলোকৰ ব্যৱসায়িক ধাৰণা গঢ়ি তোলা, তেওঁলোকৰ উদ্যোগ আৰু পৰিসৰ বৃদ্ধি কৰিবলৈ সমৰ্থন কৰে।

অক্টোবৰ ২০১৯ত আৰম্ভ কৰা এই প্ৰকল্পটোৱে এই সময়ছোৱাত দুটা সংস্কৰণত অঞ্চলটোৰ ১৯০ গৰাকী মহিলা উদ্যোগীক সমৰ্থন কৰিছে। দ্বিতীয় দলটোৱে এই বছৰৰ মাৰ্চত স্নাতক হ'ব। তৃতীয় আৰু অন্তিম দলৰ বাবে সমৰ্থন কাৰ্যসূচী এই বছৰৰ এপ্ৰিলত আৰম্ভ হ'ব।

এক প্ৰকাৰৰ লিংগ-সংবেদনশীল সমৰ্থন কাৰ্যসূচী, হাৰ এণ্ড নাও প্ৰকল্পটোৱে মহিলা উদ্যোগীসকলক পৰামৰ্শদাতা আৰু উদ্যোগ বিশেষজ্ঞসকলৰ পৰা ক্ষমতা নিৰ্মাণ বৈঠক, একক পৰামৰ্শদান আৰু বুনিয়াদী, বজাৰৰ তথ্য আৰু অনুপ্ৰয়োগ-আধাৰিত শিক্ষণকে ধৰি অনুকূলিত সমৰ্থনৰ জৰিয়তে শিকিবলৈ সুযোগ প্ৰদান কৰে। এই কাৰ্যসূচীয়ে মহিলা উদ্যোগীসকলক আন উদ্যোগী আৰু অংশীদাৰসকলৰ লগত সংযোগ, সাক্ষাত আৰু তেওঁলোকৰ পৰা সমৰ্থন অৰ্জন কৰাৰ বাবে এটা মঞ্চ প্ৰদান কৰে।

শেহতীয়াকৈ, ধৃতি-দ্য কাৰেজ উইডিন আৰু জিআইজেডে 'ৰং দে' - এক পিয়াৰ-টু-পিয়াৰ ঋণ প্ৰদান মঞ্চ-ৰ সৈতে একত্ৰিত হৈছে, যাৰ ফলত হাৰ এণ্ড নাওৰ অধীনত মহিলা উদ্যোগীসকলৰ বাবে বিত্তীয় অভিগম্যতাৰ বিকল্প উৎস প্ৰদান কৰা হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা