এইচডিএফচি বেংকে 'মুহ বন্ধ ৰখো' প্ৰচাৰৰ ১,০০০ কৰ্মশালা অনুষ্ঠিত কৰেবেংকে ২০২০ চনৰ নৱেম্বৰত সুৰক্ষিত বেংকিং কৰ্মশালা আৰম্ভ কৰিছিল




ষ্টাফ ৰিপৰ্টাৰ,,,২৩ মাৰ্চ,  সুৰক্ষিত বেংকিং বিষয়ক লৈ এইচডিএফচি বেংকৰ "মুহ বন্ধ  ৰখো' (Mooh Band Rakho) প্ৰচাৰৰ ১,০০০ সংখ্যক কৰ্মশালা চলিত মাৰ্চত  সফলতাৰে পৰিচালিত হয়। চাইবাৰ জালিয়াতি আৰু সুৰক্ষিত বেংকিংৰ বিষয়ে মানুহক শিক্ষিত তথা সজাগ কৰিবলৈ বেংকে ২০২০চনৰ নৱেম্বৰত ৩৬০- ডিগ্ৰী প্ৰচাৰ অভিযান মুকলি কৰিছিল, যাৰ দ্বাৰা অনলাইন জালিয়াতিৰ মোকাবিলা কৰিব পৰা যায়। বেংকে ৭ কোটিতকৈ অধিকত লোকৰ কাষ চাপিবলৈ প্ৰি CVন্ট আৰু ডিজিটেল মাধ্যমৰ আশ্ৰয় লৈছিল। সাধাৰণ ৰাইজে প্ৰচাৰ অভিযানটোৰ অনলাইন পৰ্যায়ক প্ৰশংসা কৰিছিল, যিয়ে বেংকে আৰম্ভ কৰা কৃত্ৰিম বাস্তৱিকতা ফিল্টাৰৰ সৈতে বাৰ্তাটো প্ৰচাৰ কৰাত সঁহাৰি দিছিল।
কৰ্মশালাবোৰ আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নাগৰিক, চেনেল পাৰ্টনাৰ, হাউচিং ছচাইটি আৰু শিক্ষা প্ৰতিষ্ঠানৰ বাবে অনুষ্ঠিত কৰা হৈছিল। যি প্ৰচাৰক বিশ্বজুৰি প্ৰচাৰত আৰক্ষী বিষয়া, নেচনেল পেমেণ্ট কৰ্পোৰেচন অফ ইণ্ডিয়া আৰু এচিআইৰ দ্বাৰা ব্যাপকভাৱে সমৰ্থন লাভ কৰিছিল। ১০০ দিনতকৈ অধিক দিনৰ সময়সীমাৰে বেংকে প্ৰচাৰটো দেশৰ সকলো অঞ্চললৈ লৈ কঢ়িয়াই লৈ গৈছিল।   এই সম্পৰ্কে এইচডিএফচি বেংকৰ ক্ৰেডিট প্ৰগ্ৰাম, এনালাইচিছ, ৰিস্ক ইণ্টেলিজেঞ্চ এণ্ড কন্ট্ৰল বিভাগৰ জ্যেষ্ঠ কাৰ্যবাহী উপাধক্ষ্য আৰু মুৰব্বী প্ৰশান্ত মেহৰাই কয়, " ১০০০ কৰ্মশালাৰ মাইলষ্টোন আমাৰ বাবে গুৰুত্বপূৰ্ণ। ই এক বৃহৎ পৰিসৰত দৰ্শকক সুৰক্ষিত বেংকিংৰ বিষয়ে সৰ্বশ্ৰেষ্ঠ অনুশীলন প্ৰচাৰ কৰাত সহায় কৰিব। আমাৰ লক্ষ্য হৈছে  গ্ৰাহকক আমাৰ সৰ্বশ্ৰেষ্ঠ আৰু সুৰক্ষিত বেংকিং সমাধান প্ৰদান কৰা। চৰকাৰী কৰ্তৃপক্ষ, পেমেণ্ট কৰ্পোৰেচনৰ বিষয়াসকলৰ অংশগ্ৰহণ আৰু বিষয়বস্তুৰ বিশেষজ্ঞসকলে উপস্থিতিয়ে অংশগ্ৰহণকাৰীৰ জ্ঞান বৃদ্ধি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।"
ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষা সমন্বয়ক লেফটেনেণ্ট জেনেৰেল ৰাজেশ পন্তে এই প্ৰচেষ্টাৰ প্ৰশংসা কৰে আৰু এইচডিএফচি বেংকক এই প্ৰচাৰ অভিযানৰ জৰিয়তে চাইবাৰ সুৰক্ষা সজাগতা বিস্তাৰ কৰাত আৰু এইটো কোনো বা আন ৰূপত এক নিৰন্তৰ ভাৱে অনুশীলন  চলাই নিবলৈ পৰামৰ্শ আগবঢ়ায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা