নিৰ্বাচন কেন্দ্ৰিক এপ মুকলি বুলচুবল (BolSubol) ৰ, অসমত ভোটাৰ সবলীকৰণৰ অভাৱ বুলি ক’লে




ষ্টাফৰিপোৰ্টাৰ: নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত, ৰাজনৈতিক দলসমূহৰ মাজত ভোট আৰু প্ৰাৰ্থী কেন্দ্ৰিক আলোচনা তুংগত উঠিছে। অৱশ্যে, ভোটাৰ আৰু তেওঁলোকৰ সমস্যাৰাজিৰ কথা প্ৰতিটো ৰাজনৈতিক দলেই যে বুজি উঠিছে, সেই কথা ন দি ক’ব নোৱাৰি। ভোটাৰসকলক নিৰ্বাচন কি সেই সন্দৰ্ভত অধিক ভালকৈ বুজি উঠাত সহায় কৰিবলৈ আৰু তেওঁলোকক ৰাজনৈতিক দলসমূহ, প্ৰাৰ্থীসকল, সফলতা ইত্যাদিৰ বিশ্লেষণ আৰু সম্পৰ্কীয় তথ্য আগবঢ়াবলৈ বোলচুবল
(BolSubol )এ এটা অনলাইন এপ্লিকেশ্যন শুভাৰম্ভ কৰিলে যিয়ে ভোটাৰসকলক সবলীকৰণ কৰিব। ডেম’ক্ৰেটিকাৰদ্বাৰা মুকলি কৰা এই এপটোৰ আছে ঘৰৰপৰাই যিকোনো প্ৰাৰ্থীৰ সৈতে যোগাযোগ স্থাপনৰ ক্ষমতা। বোলচুবল (BolSubol) হৈছে এটা পক্ষপাত-হীন ম’বাইল এপ প্লেটফৰ্ম য’ত প্ৰমাণসাধ্য নিৰ্ভৰযোগ্য তথ্য ও মাইক্ৰ’ব্লগিং ক্ষমতাসমূহৰ সংমিশ্ৰণ ঘটিছে। এই প্লেটফৰ্মটো ভোটদাতা, ৰাজনৈতিক দলসমূহ আৰু যিসকল লোক তেওঁলোকৰ দেশৰ অৰ্থনৈতিক বিকাশক লৈ আগ্ৰহী সেইসকলৰ বাবে উপযোগী হৈ উঠিব ও ভোটদান সন্দৰ্ভত ৰাজনৈতিক পচ্ছন্দ সত্য-ভিত্তিক সিদ্ধান্ত হোৱাৰ পথ প্ৰশস্ত হ’ব। বুলচুবল
(Bolsubol)এপটোৱে এজন ইউজাৰক আপাতদৃষ্টিত বিভ্ৰান্তিমূলক যেন লগা বহু ফলাফল বুজি উঠাত সহায় কৰে। এটা উদাহৰণ হৈছেঃ ২০১৪ ৰ তুলনাত বিজেপিৰ ভোটৰ শ্বেয়াৰ হ্ৰাস হোৱাৰ বিপৰীতে কেনেকৈ ২০১৯ ত তেওঁলোকে অধিক আসনত জয়যুক্ত হ’ল? এপটোৰ ভিজুৱেলাইজেশ্যনত এটা দৃষ্টিয়ে দেখুৱাব যে বৰাক উপত্যকাত ভোটাৰ একীকৰণ (voter consolidation) হৈছিল। বৰাক উপত্যকাত বাঙালী হিন্দুৰ সংখ্যা অধিক ও তেওঁলোকৰ একীকৰণে ২০১৪ ৰ তুলনাত বিজেপিক অতিৰিক্ত দুখন আসনত জয়যুক্ত হোৱাত সহায় কৰিছিল।
ইয়াৰ বিশ্লেষণৰ ওপৰিও, এপটোৱে ৰাজ্যিক ভিত্তিত তথ্য আগবঢ়াইছে য’ত দেখা পোৱা গৈছে যে নিৰ্বাচন সম্পৰ্কীয় তথ্যৰ বাবে ১৮ আৰু ৪০ বছৰৰ মাজৰ গৰিষ্ঠসংখ্যক যুৱ ভোটাৰেই ডিজিটেল মিডিয়া (ম’বাইলত নিউজ চেনেল, নিউজ এপ ও নিৰ্বাচন সম্পৰ্কীয় এপ) ৰ ওপৰত নিৰ্ভৰশীল। টেলিভিছন বাতৰিৰ সৰ্ববৃহৎ উৎস হৈ থকা নাই। ইয়াৰ পৰিৱৰ্তে, ম’বাইল ভিত্তিক চেনেল, ইউ টিউব, টুইটাৰ, ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়া নেটৱৰ্কসমূহ বাতৰিৰ ঘাই উৎস হৈ পৰিছে। আন এটা গুৰুত্বপূৰ্ণ কথা এয়ে যে যুৱ প্ৰজন্মৰ গৰিষ্ঠসংখ্যক ভোটাৰেই এনে এটা এপ্লিকেশ্যন বিচাৰিছে যি তেওঁলোকৰ মতদান সন্দৰ্ভত গভীৰভাৱে বুজি পোৱা, অৱগত হোৱা আৰু চাক্ষুষৰূপে সনিৰ্বন্ধত সহায়ক হ’ব। তেওঁলোকে অধিক তথ্যসমৃদ্ধ এনে এটা এপ্লিকেশ্যন বিচাৰিছে যাৰ জৰিয়তে তেওঁলোকে নিজেই বিশ্লেষণ কৰিবলৈ সক্ষম হৈ উঠিব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা