কামৰূপ জিলাত নিৰ্বাচনৰ কামত নিয়োজিত বিষয়াৰে পৰ্যবেক্ষকৰ সভা

পঙ্কজ নাথ, চাংসাৰি , ২০ মাৰ্চ : 

কামৰূপ নিৰ্বাচন জিলাৰ অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচন আয়োগে নিয়োজিত কৰা নিৰ্বাচন পৰ্যবেক্ষক কেইগৰাকীয়ে আজি কামৰূপ জিলা উপায়ুক্তৰ নৱনিৰ্মিত কাৰ্য্যালয়ৰ সভাকক্ষত এক সভাত মিলিত হৈ কামৰূপ নিৰ্বাচন জিলাৰ জিলা নিৰ্বাচন বিষয়া কৈলাশ কাৰ্তিক এনকে প্ৰমুখ্য কৰি ৰিটানিং বিষয়া সকল, জোনেল আৰু ছেক্টৰ অফিচাৰ সকলৰ সৈতে আগন্তুক বিধানসভা নিৰ্বাচনৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে । আজিৰ এই গুৰুত্বপূৰ্ণ বৈঠকত ৪৮ নং বকো (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) সমষ্টিৰ নিৰ্বাচন পৰ্যবেক্ষক পবিত্ৰ মণ্ডল, ৪৯ নং ছয়গাঁও সমষ্টিৰ নিৰ্বাচন পৰ্যবেক্ষক ডঃ মিত্ৰা টি, ৫০ নং পলাশবাৰী সমষ্টিৰ নিৰ্বাচন পৰ্যবেক্ষক দয়ানন্দ মিশ্ৰ, ৫৫ নং হাজো সমষ্টিৰ ডঃ চন্দ্ৰশেখৰ কুমাৰ আৰু আৰক্ষী পৰ্যবেক্ষক ৰঞ্জন কুমাৰ শৰ্মাই অংশ গ্ৰহণ কৰে । নিৰ্বাচন পৰ্যবেক্ষক কেইগৰাকীয়ে বিষয়া সকলৰ সৈতে নিৰ্বাচন আয়োগৰ আদৰ্শ আচৰণ বিধি, ভোট গ্ৰহণ কেন্দ্ৰ সমূহত লোৱা ব্যৱস্থাবলী, আদর্শ ভোট গ্ৰহণ কেন্দ্ৰ, মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত ভোট গ্ৰহণ কেন্দ্ৰ, পৰিবহন ব্যৱস্থা, বিষয়া- কৰ্মচাৰীৰ প্ৰশিক্ষণ, ইভিএম, ভিভিপেট, পোষ্টেল বেলট, দিব্যাংগ ভোটাৰ, ভোটাৰ সজাগতা সভা আদি বিভিন্ন বিষয়ত সভাত বিষয়া সকলৰ সৈতে আলোচনা কৰে । নিৰ্বাচন পৰ্যবেক্ষক কেইগৰাকীয়ে সভাত আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জোনেল আৰু ছেক্টৰ বিষয়াসকলে পালন কৰিবলগীয়া দায়িত্ব আৰু কর্তব্যৰ বিষয়ে ব্যাখ্যা কৰে । আনহাতে, নিৰ্বাচন পৰ্যবেক্ষকসকলে আজি ৰাজনৈতিক দল আৰু নিৰ্বাচনত অবৰ্তীণ হোৱা প্ৰাৰ্থীসকলৰ প্ৰতিনিধি সকলৰ সৈতেও এক সভাত মিলিত হয় । জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত নিৰ্বাচন পৰ্যবেক্ষক কেইগৰাকীয়ে ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক নিৰ্বাচন আয়োগৰ আদৰ্শ আচৰণ বিধিৰ সৈতে জড়িত বিষয় সমূহ ব্যাখ্যা কৰে । নিৰ্বাচনৰ ব্যয়ৰ সৈতে জড়িত বিষয় সমূহো ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক বিতং ভাবে অবগত কৰা হয় । ইয়াৰ পিচত নিৰ্বাচন পৰ্যবেক্ষক কেইগৰাকীয়ে সাংবাদিকৰ সৈতেও মতবিনিময় কৰে । কামৰূপ নিৰ্বাচন জিলাৰ জিলা নিৰ্বাচন বিষয়া তথা উপায়ুক্ত কৈলাশ কাৰ্তিক এন, আৰক্ষী অধীক্ষক হিতেশ ৰয়কে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকল সভাত উপস্থিত আছিল।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা