বটদ্ৰৱাত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত একেখন মঞ্চত ৰকিবুল হুছেইন-লাচিত বৰদলৈ
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ মাৰ্চ: বিজেপিৰ বিধায়িকা আঙুৰলতা ডেকাৰ দখলত থকা বটদ্ৰৱা সমষ্টিত মঙলবাৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী শিৱামনি বৰাৰ হৈ একেখন মঞ্চত প্ৰচাৰ অভিযানত ভাগ ললে বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন আৰু আঞ্চলিক গন মৰ্চাৰ সম্পাদক লাচিত বৰদলৈয়ে ৷ জাজৰিৰ নিচানতল সমূহীয়া ভৱনত সন্ধ্যা সাত বজাত কেইবা সহস্ৰাধিক ৰাইজক সম্বোধি প্ৰথমে লাচিত বৰদলৈয়ে নিজৰ ভাষনত বিজেপি দলক তীব্ৰ সমালোচনা কৰি কয় যে--বিজেপিক চৰকাৰৰ পৰা দূৰত ৰাখিবলৈ আঞ্চলিক গন মৰ্চা, বাঁওপন্থী দলসমূহ একত্ৰিত হৈছিলো ৷ বিভেদৰ ৰাজনীতি কৰা, ধৰ্মৰ ৰাজনীতি কৰা, প্ৰতাৰণা কৰা আৰু অসমখনক ধ্বংসৰ পথলৈ লৈ যোৱা বিজেপিক প্ৰতিহিত কৰিবই লাগিব ৷ বিজেপিয়ে হিন্দু আৰু মুছলমানৰ মাজত বিভেদৰ ৰাজনীতি কৰিছে ৷ অসমলৈ আহোম অহাৰ আগতে মুছলমান আহিছিল ৷ বৰদলৈয়ে ডা° হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈ লগতে কয় যে-হিমন্ত বিশ্বক গুৰুত্ব নিদিব ৷ হিমন্তৰ কোনো কথাৰ কোনো মূল্য নাই ৷ গুজৰাটত পানীৰ পাইপেৰে তেজ বয় বুলি টেটুফালি কথা কোৱা হিমন্তই এতিয়া নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ থাকে ৷ এইবাৰৰ যুঁজখন বিজেপিৰ পৰা অসমক বচোৱাৰ যুঁজ ৷ একেদৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনেও আক্ৰমণৰ লক্ষ্য কৰি লয় ডা° হিমন্ত বিশ্ব শৰ্মাক ৷ তেওঁ কয়--আজিকালি ডা° হিমন্ত বিশ্ব শৰ্মাই চাইকেল চলাই ফুৰে ৷ হেলিকপ্তাৰত আহি চাইকেল চলোৱা মানুহ পৃথিৱীত তেওঁৱেই আছে ৷ গুৱাহাটীৰ পৰা এদিনত ৩০ লাখ টকা খৰছ কৰি নগাঁৱলৈ আহি ১০ কিলোমিটাৰ চাইকেল চলাবলৈ আহে ৷ ক’ৰ টকা এইবোৰ ৷ পেট্ৰল-ডিজেলৰ দাম যে হোৰা হোৰে বাঢ়িছে তাৰ কাৰণ এই হেলিকপ্তাৰ ৷ নিজৰ ভাষনত তেওঁ আৰু কয় যে--এইবাৰ বটদ্ৰৱাত কংগ্ৰেছৰ জয় নিশ্চিত ৷ বিজেপিয়ে হাৰিব বুলি বনোৱা সমষ্টিবোৰৰ তালিকাৰ প্ৰথম নামটো বটদ্ৰৱা ৷ ইয়াৰ লগতে ৰকিবুল হুছেইনে আগন্তুক নিৰ্বাচনত নগাঁৱত লামডিং, হোজাই, ৰহা, বঢ়মপুৰত কংগ্ৰেছ জিকিব বুলি দাবী কৰে ৷ চি পি আই এম এলৰ নেতা অৰূপ মহন্তই সভাপতিত্ব কৰা নিৰ্বাচনী সভাখনত বটদ্ৰৱাৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামনি বৰাই নিজৰ ভাষনত সকলো ৰাইজৰে আশীৰ্বাদ বিচাৰে ৷ নিৰ্বাচনী সভাখনত তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ধৰ্মেন্দ্ৰ বৰদলৈ, নগাঁও জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰূপালী শইকীয়া আদিকে ধৰি বহুকেইজন নেতা উপস্থিত থাকে ৷
Comments
Post a Comment