কাইলৈ বটদ্ৰৱাত প্ৰচাৰ চলাব কংগ্ৰেছৰ হৈ প্ৰিয়ংকা গান্ধী-বিজেপিৰ হৈ হিমন্ত বিশ্ব শৰ্মাই

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২১ মাৰ্চঃ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনলৈ মাজতে মাত্ৰ পাঁচটা দিনহে বাকী থকা অৱস্থাত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বটদ্ৰৱা বিধান সভা সমষ্টিটো নিৰ্বাচনী পৰিবেশ একপ্ৰকাৰে গৰম হৈ পৰিছে ৷ এইবাৰ মূলতঃ দুই মহিলা প্ৰাৰ্থীৰ মাজত তুমুল প্ৰতিদণ্ডিতা হ’বলগীয়া সমষ্টিটোত কংগ্ৰেছ মহাজোঁট আৰু বিজেপি মিত্ৰজোঁটে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ ইয়াৰ মাজতে কাইলৈ আয়োজিত এই দুই প্ৰাৰ্থীৰ দুখন বিশাল নিৰ্বাচনী সভাক লৈ এতিয়া সমষ্টিৰ সৰ্বত্ৰে ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷ কিয়নো কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামনি বৰাৰ হৈ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী আৰু বিজেপিৰ প্ৰাৰ্থী আঙুৰলতা ডেকাৰ হৈ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলাব ৷ জানিব পৰা মতে, প্ৰিয়ংকা গান্ধীয়ে বিয়লি ২.৩০ বজাৰ হেলিকপ্তাৰে আহি পোনতে গুৰুজনাৰ জন্মভূমিত উপস্থিত হৈ বটদ্ৰৱা থানত সেৱা জনোৱাৰ লগতে থানৰ ঐতিহাসিক আকাশী গংগা, শিলিখা বৃক্ষ, গুৰুজনাৰ পদশিলাকে ধৰি বিভিন্ন কীৰ্তিচিহ্নবোৰ দৰ্শন কৰিব ৷ এইদৰে থান প্ৰাংগনত আধা ঘন্টা সময় অতিবাহিত কৰাৰ পিছত স্থানীয় বাতমাৰিত বিয়লি ৩ বজিৰ পৰা অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছৰ এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহন কৰিব ৷ ইয়াৰ বিপৰীতে ড° হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্তাৰে আহি সমষ্টিৰ জাজৰি বাছ আস্থানৰ সমীপত পুৱা ১১ বজাত উপস্থিত হৈ তাৰ পৰা প্ৰায় দুই কিল’মিটাৰ পথত বিশাল ৰ’ড শ্ব’ৰে নিৰ্বাচনী চমক দিয়াৰ পিছত দুপৰীয়া ১২ বজাৰ পৰা দলংঘাটৰ বেলতল খেলপথাৰত আয়োজিত বিজেপিৰ এক বিশাল নিৰ্বাচনী সভাত ভাগ ল’ব ৷ কাজেই, কাইলৈ একেদিনাই আয়োজিত দল দুটাৰ উক্ত কাৰ্যসূচীক লৈ সমষ্টিটোত একপ্ৰকাৰে উখল-মাখল পৰিবেশৰ সৃষ্টি হোৱা দেখা গৈছে

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা