বঙাইগাঁও জিলাৰ ২ নং নাম্বাৰপাৰাত বন বিভাগৰ অভিযান
বঙাইগাঁওঃ ১২ মাৰ্চঃ বঙাইগাওঁ আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত আজি আবেলি ২ মান বজাত বঙাইগাওঁস্থিত বিশেষ বন সুৰক্ষা বাহিনীয়ে জিলাখনৰ কোকিলা উপ আৰক্ষী চকী তথা অভয়াপুৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ২ নং নাম্বাৰপাৰাত এক অভিযান চলায় ৷ এই অভিযানত বন সুৰক্ষা বাহিনীয়ে এটা অবৈধ কাঠ ফলা কল উৎখাত কৰাৰ লগতে কিছু সংখ্যক অবৈধ কাঠৰ কুণ্ডা জব্দ কৰে। পিচত জব্দ কৰা উক্ত কাঠখিনি আৰু কাঠ ফলা কলটো অভয়াপুৰী বনাঞ্চলিক কাৰ্যালয়লৈ আনে। জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য পঞ্চাশ হাজাৰৰ অধিক হ'ব বুলি বন বিভাগে জানিবলৈ দিছে । আনহাতে উক্ত চোৰাং কাঠৰ ব্যৱসায়ী তথা অবৈধ কাঠ ফলা কলৰ গৰাকীক বন বিভাগৰ দলে কৰায়ত্ত কৰিবলৈ সক্ষম নহ'ল যদিও কৰায়ত্ত কৰাৰ বাবে বন বিভাগে তদন্ত অব্যাহত ৰাখিছে।
প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও
Comments
Post a Comment