ধৰ্মপুৰত কংগ্ৰেছৰ গৰাখহনীয়া # শতাধিক নেতা কৰ্মীৰ বিজেপিত যোগদান

আগন্তুক অসম বিধান সভাৰ নিৰ্বাচন লৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অবস্থাত প্ৰতিটো সমষ্টিতে  আৰম্ভ হৈছে দল বাগৰাৰ ৰাজনীতি  ।  এটি দলৰ পৰা আনটো দললৈ যোৱাৰ যেন এক প্ৰতিযোগিতাহে  চলিছে । নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিত বৃহস্পতি বাৰে কংগ্ৰেছৰ প্ৰায় শতাধিক নেতা কৰ্মীয়ে বিজেপি দলত যোগদান কৰে  ।  পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি বিকুল তালুকদাৰ আৰু নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিষ্ণু দাসৰ নেতৃত্বত সমষ্টিটোৰ ভিন্ন প্ৰান্তৰ শতাধিক নেতা কৰ্মীয়ে চামতা বালিপথাৰ স্থিত বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে  । কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা আটাইকেইজনকে চন্দ্ৰ মোহন পাটোৱাৰীয়ে আদৰণি জনাই  । উল্লেখ্য যে ন-বিজেপি আটাইকেইজন প্ৰাক্তন মন্ত্ৰী নিলমনি সেন ডেকাৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত আছিল । নিলমনি সেন ডেকাই কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাত খৰ্গহস্ত হোৱাৰ লগতে বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আটাইকেইজন কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰে  । আগন্তুক নিৰ্বাচনত ধৰ্মপুৰৰ পৰা কেইবাহেজাৰ ভোটৰ ব্যৱধানত চন্দ্ৰ মোহন পাটোৱাৰীক জয় কৰাবলৈ সকলোৱে অংগীকাৰবদ্ধ হোৱা বুলি উল্লেখ কৰে ন-বিজেপি সকলে । ইয়াৰ পিছতে চন্দ্ৰ মোহন পাটোৱাৰীৰ লগত ন-বিজেপি সকলে কেইবাখনো নিৰ্বাচনী সভাত অংশ লয়  ।

টিহুৰ পৰা  কৰবী গোস্বামী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা