কংগ্ৰেছৰ মিচন হ’ল কমিছন আৰু বিজেপিৰ মিচন হ’ল উন্নয়ন:জেপি নাদ্দা

কংগ্ৰেছৰ মিচন হ’ল কমিছন আৰু বিজেপিৰ মিচন হ’ল উন্নয়ন:জেপি নাদ্দা৷
#৫৩ হাজাৰ কোটি অসমৰ বিকাশৰ বাবে আৰু ৩৫ হাজাৰ কোটি ৰাজ্যখনৰ পথ উন্নয়নৰ বাবে দিছে মোদিয়ে৷
#চতিয়া সমষ্টিৰ জামুগুৰিহাটত নিৰ্বাচনী প্ৰচাৰ চলালে ৰাষ্ট্ৰীয় সভাপতি জেপি নাদ্দাই৷

জামুগুৰিহাট ,১৫ মাৰ্চ:  কংগ্ৰেছৰ বিগত ৬০ বছৰীয়া শাসনকালত উন্নয়নৰ নামত কৰা প্ৰতাৰণাৰ বিপৰীতে বিজেপিয়ে ৰাজ্যখনত ৬০ মাহত কৰা উন্নয়নৰ তুলনা কৰি চালেই আপোনালোকে গম পাব যে বিকাশৰ নামেই হ’ল একমাত্ৰ বিজেপি৷অসমৰ বিকাশৰ বাবেই বিগত সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৫৩ হাজাৰ কোটি টকা বাজেটত ধাৰ্য্য কৰাৰ লগতে ৰাজ্যখনৰ ১৫শ কি:মি: পথ উন্নয়ণৰ বাবে ৩৫ হাজাৰ কোটি টকা ধাৰ্য্য কৰিছে৷এয়া একমাত্ৰ অসমৰ প্ৰতি থকা প্ৰধানমন্ত্ৰী মোডীৰ মৰম,ভালপোৱা আৰু দায়বদ্ধতাৰ বাবেই সম্ভৱ হৈছে৷এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাদ্দাৰ৷আজি চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ পৰিদৰ্শন বঙলা সমীপৰ জামুগুৰি বহাগী মেলা বাকৰিত অনুষ্ঠিত বিজেপি দলৰ এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এইদৰে কয় ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে৷কেবাসহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা সভাখনত ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে আৰু কয় যে-বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ দিনতেই অসমৰ স্বাস্থ্যখণ্ডত নতুনকৈ সংযোজন ঘটিল গুৱাহাটীৰ এইমছ হস্পিটাল৷যাৰ বাবে ৰাজ্যখনৰ জনসাধাৰণ এতিয়া চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ প্ৰয়োজন নাথাকিব৷ইয়াৰোপৰি চতিয়া সমষ্টিৰ দাঁতিকাষৰীয়া বিশ্বনাথ চাৰিআলিতো এখন মেডিকেল কলেজ স্থাপন হোৱাৰ কথাও ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে৷অসমৰ জলন্ত সমস্যা বানপানীৰপৰা অসম মুক্ত হ’ব বুলি ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে উল্লেখ কৰাৰ লগতে এই জলন্ত সমস্যা সমাধানৰ বাবে অত্যাধুনীক প্ৰযুক্তিৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে জৰীপ চলাই আছে বুলিও উল্লেখ কৰি অসমৰ বানপানীৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰৰ তুলনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডি নেতৃত্বাধীন বিজেপি চৰকাৰখনে চাৰিগুণ অধিক ধনৰাশি ইতিমধ্যে মুকলি কৰি দিছে বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে ৰাষ্ট্ৰীয় সভাপতি নাদ্দাই৷ইফালে কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কয় যে কংগ্ৰেছ শব্দৰ আমি বিৰোধী নহয় কিন্তু কংগ্ৰেছৰ কৰ্মৰহে আমি বিৰোধী৷কংগ্ৰেছ পুণৰ ক্ষমতালৈ আহিলে কেৱল ঘোটালাহে কৰিব যাৰবাবে কংগ্ৰেছৰ মিচন হ’ল কমিছন আৰু বিজেপিৰ মিচন হ’ল উন্নয়ন৷লগতে সভাপতি গৰাকীয়ে আজমলৰ লগত কংগ্ৰেছ দলে কৰা মিত্ৰতাই কংগ্ৰেছ দলটোক মৃত্যু ঘটোৱা বুলি উল্লেখ কৰি বিগত নিৰ্বাচনত “হু ইজ বদৰুদ্দিন” বুলি দম্ভালী মৰা কংগ্ৰেছে এইবাৰ সেইগৰাকী আজমলৰ লগত কৰা মিত্ৰতাই দলটোক অধিক মৃত্যুমুখলৈ লৈ গ’ল বুলিও কটাক্ষ কৰে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে৷চতিয়া সমষ্টিৰ বিজেপি দলৰ মনোনিত প্ৰাৰ্থী পদ্ম হাজৰিকাৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে কয় যে পদ্ম হাজৰিকা কেৱল এগৰাকী নেতাই নহয়,তেঁও এগৰাকী নিষ্ঠাবান সমাজসেৱক আৰু সমাজসংস্কাৰক৷গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ ক্ষেত্ৰত পদ্ম হাজৰিকাই যি আদৰ্শ দেখুৱাইছে সেই যাত্ৰা অবিৰত গতিত চলি যোৱাৰ স্বাৰ্থত অহা নিৰ্বাচনত বিপুল সংখ্যক ভোটত আপোনালোকে জয়যুক্ত কৰাব আপোনালোকৰ নেতা পদ্ম হাজৰিকাক৷ইয়াত উপস্থিত হোৱাৰ পিছত আপোনালোকৰ উৎসাহেই প্ৰমাণ কৰিছে যে এইবাৰ চতিয়া সমষ্টিত পদ্ম হাজৰিকাৰ বিজয় নিশ্চিত৷যুৱ নেতা সঞ্জয় শৰ্মাই আঁত ধৰা আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ লগত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং,ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ দিলীপ শইকীয়া,তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস,বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰ৷
জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা