এলাগী হব ধৰিছে নেকি নৱ কুমাৰ দলে?

দীপজ্যোতি ডেকা : উত্তৰ অসমৰ লখিমপুৰ জিলাৰ অন্যতম সমষ্টি ঢকুৱাখানাৰ বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী নৱ কুমাৰ দলে এতিয়া দলত এলাগী হব ধৰিছে নেকি? শেহতীয়াকৈ ৰাজনৈতিক মহলত এই চৰ্চা চলি অহাৰ মাজতে কালি বিহপুৰীয়া্ সমষ্টিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাত উপস্থিত নাথাকিল মন্ত্ৰীগৰাকী। লখিমপুৰ জিলাৰ আন তিনিওটা বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীসকল উপস্থিত থকাৰ বিপৰীতে উপস্থিত নাথাকিল মন্ত্ৰী দলে। উল্লেখ্য যে শেহতীয়াকৈ নৱ দলেই নিজেই দলৰ একাংশ কৰ্মীয়ে তেঁওৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলোৱা বুলি মন্তব্য কৰিছিল। লক্ষণীয় কথাতো হল যে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো কেবাৱাৰো লখিমপুৰ-ধেমাজিলৈ গৈছে যদিও এবাৰো ঢকুৱাখানালৈ যোৱা। এই সকলো কথা বিবেচনা কৰি এতিয়া সংবাদ মাধ্যম আৰু ৰাজনৈতিক মহলত চৰ্চা চলিছে যে ক্ৰমান্বয়ে এলাগী হৈ পৰিছে নেকি নৱ দলে?

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা