মিছাত আব্দুল জব্বাৰ আন্তঃজিলা ছিনিয়ৰ হকী সমাপ্ত≈≈নগাঁৱক হৰুৱাই কলিয়াবৰ চেম্পিয়ন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ মাৰ্চঃ অসম হকীয়ে হকী কলিয়াবৰ আৰু মিছা হকী একাডেমীৰ সৌজ্যনত মিছা হাইস্কুল খেলপথাৰত আয়োজন কৰা আব্দুল জব্বাৰ সোঁৱৰণী দশম সদৌ অসম আন্তঃজিলা ছিনিয়ৰ(পুৰুষ)হকী প্ৰতিযোগিতাত ডিফেণ্ডিং চেম্পিয়ন কলিয়াবৰে পুনৰ বিজয়ী খিতাপ অৰ্জন কৰিছে। আজি অনুষ্ঠিত হোৱা ফাইনেলত ঘৰুৱা দল কলিয়াবৰে নগাঁৱক ২-০ গ'লত পৰাজিত কৰে। খেলখনত বিজয়ী কলিয়াবৰ দলটোৰহৈ গ’ল দুটা দিয়ে প্ৰসেনজিৎ দেৱ(২৫ মিনিট) আৰু অভিমন্যু ভগতে(৫১ মিনিট)। ছেমি ফাইনেলত নগাঁৱে তিনিচুকীয়াক ২-০ গ'লত আৰু কলিয়াবৰে গুৱাহাটীক ১-০ গ'লত হৰুৱাই ফাইনেলত উপনীত হৈছিল।নগাঁৱৰ তনবীৰ খানে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ, তিনিচুকীয়াৰ দীপজ্যোতি গগৈয়ে শ্ৰেষ্ঠ গ'লৰক্ষক, গুৱাহাটীৰ নিৰঞ্জন বড়োয়ে সৰ্বোচ্চ গ'লদাতা আৰু কলিয়াবৰৰ প্ৰসেনজিত দেৱে ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।মুঠ ১৪টা দলৰ যোগদানৰে আয়োজিত প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত সমাজ সংগঠক ব্ৰজেন কাকতি, ক্ৰীড়া ভাৰতীৰ উত্তৰ পূৰ্বাঞ্চলৰ সংগঠক মনোজ কুমাৰ মহান্তী, হকী ইণ্ডিয়াৰ কোষাধ্যক্ষ তপন কুমাৰ দাস, ক্ৰীড়া সংগঠক প্ৰভাত চন্দ্ৰ বৰা, সমীৰ হাজৰিকা, বিদ্যাধৰ কুম্ভকাৰ, ৰবীন ভূঞা, কুসুম ডেকা, মোহন চন্দ্ৰ বৰা, ভৰত শ্বাহ, পুলক হাজৰিকা, নাচিৰউদ্দিন আহমেদ  আদিয়ে বিভিন্ন বঁটাসমূহ বিতৰণ কৰে। উল্লেখ্য যে, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ অফিচিয়েলৰূপে নুৰিজ্যোতি বৰুৱা পৰিগণিত হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা