নগাঁৱত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পথ সভা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ মাৰ্চঃ অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত বুধবাৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পথ সভা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচী অনুসৰি নগাঁও জিলাৰ ৰাইদঙীয়া পাঁচআলিত এই পথ সভাৰ শুভাৰম্ভনি কৰি তাৰ পৰা কপাহেৰা হৈ বটদ্ৰৱা সমষ্টিৰ বহু অঞ্চল পৰিভ্ৰমণ কৰি ঠায়ে ঠায়ে পথ সভা অনুষ্ঠিত কৰি ৰাইজক পুনৰবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় ৷ পিছত এই কাৰ্যসূচী বটদ্ৰৱা আৰক্ষী থানাৰ সমীপত সামৰণি পেলোৱা হয়। এই কাৰ্যসূচীত অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সঞ্জীৱ দাস, বিত্তীয় সম্পাদক কনক দাস, নগাওঁ জিলা সমিতিৰ উপদেষ্টা বিষ্ণু হাজৰিকা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সভাপতি দীপমনি বৰা, সাংগঠনিক সম্পাদক মিলন দাস, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বটদ্ৰৱা আঞ্চলিকৰ সম্পাদক মতিউৰ ৰহমানকে প্ৰমুখ্য কৰি সংগঠনকেইটাৰ শতাধিক নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰীসকলে এই পথ সভাসমূহত “কা আমি নামানো", "কা বিৰুদ্ধে আমি যুঁজিম", "কোনো বিদেশীৰ বোজা অসমে গ্ৰহণ নকৰে", "খিলঞ্জীয়াক ৰক্ষা কৰক", "কা ছাত্ৰ সমাজে নামানে", "মূল্যবৃদ্ধি ৰোধ কৰক" আদি শ্ল’গান খুদিত প্লে কাৰ্ড হাতে হাতে লৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা