মলয়াই কানে কানে কলে "বিহু বিহু লাগিছে গাত"

দীপজ্যোতি ডেকা : এজাক পাতল বৰষুণে ধুৱাই গ'ল ধুলিৰে ধূসৰিত ধৰাক। বৰষুণৰ টোপালৰ পৰশত লাজুকীয়াকৈ ওলাইছে কুঁহিপাত। ৰিব ৰিবকৈ পৰিছে মলয়াৰ আচল খন। আনন্দতে মতলীয়া চৰাই চিৰিকতিয়ে গান গাইছে। মইয়ো আহিছো বুলি লাহেকৈ কুলিজনীয়েও মাত দিছে। বাহ কি যে মিঠা মিঠা বসন্তৰ অনুভৱ, এই অনুভৱৰ মাজতেই যেন সকলোকে মলয়াই কঢ়িয়াই অনা বতৰাটো দিছে যে "বিহু আহি পালেহি" । অসমীয়াৰ বাপোতি সাহোন বহাগৰ বিহুলৈ মাজত পষেকতকৈও কম সময়। তাতে প্ৰকৃতিৰ এই মনোমোহা সমাহাৰ। আজি আনন্দতে মতলীয়া হৈ পৰিছে কবি মন। নাচনীৰো যে নাচিবৰ মন। ঢুলীয়াত ঢোলটোৱো চাফা কৰিবৰ হল। মাকুৰ শব্দবোৰ ঘন হব ধৰিছে। মুঠতে নিৰ্বাচনী বতাহক পিছ পেলাই আজি আহিছে মলয়া। আৰু প্ৰকৃতিৰ বৰজীয়ৰী অসমীক কৈছে। "বিহু বিহু লাগিছে গাত"

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা