বঙাইগাঁও জিলাৰ ৩৩ টা স্বাস্থ্য কেন্দ্ৰত তিনিদিনীয়া বিশেষ ক'ভিড-১৯ টিকাকৰণ অভিযানৰ শুভাৰম্ভ

বঙাইগাঁও ২১ মাৰ্চঃ বঙাইগাঁও জিলাত সমাগত অসম বিধানসভা নিৰ্বাচন তথা ভয়াৱহ ক'ৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা জিলাখনত তিনিদিনীয়া কাৰ্যসূচীৰে বিশেষ ক'ভিড - ১৯ টিকাকৰণ অভিযান আৰম্ভ কৰা হৈছে ৷ এই উপলক্ষে বঙাইগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত জিলা পৰ্যায়ত এই অভিযানৰ শুভাৰম্ভ কৰা হয় ৷ এই অভিযানৰ শুভ উদ্ধোধন কৰে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই ৷ জিলা উপায়ুক্তগগৰাকীয়ে বিশেষ ক'ভিড-১৯ টিকাৰণ অভিযানৰ শুভ উদ্বোধন কৰাৰ লগতে নিজেও দ্বিতীয় পালি ক'ভিড-১৯ প্ৰতিষেধক গ্ৰহণ কৰে । অনুষ্ঠানত জিলা উপায়ুক্তগৰাকীয়ে নিজৰ ভাষণত কয় যে ক'ভিডত আমি জিলাখনৰ এঘাৰজন ব্যক্তিক হেৰুৱাবলগীয়া হৈছে ৷ আমি হেৰুৱাবলগীয়া হৈছে ১০৮ এম্বুলেন্স সেৱাৰ লগত জড়িত সৌৰভ মজুমদাৰক ৷ গতিকে যি ভয়াৱহ পৰিৱেশ হৈছিল তেনে পৰিৱেশ পুনৰ হোৱাতো আমি নিবিচাৰো ৷ ইয়াৰ বাবে আমি সকলোৱে সগজ হৈ থাকিব লাগিব ৷ মাস্ক পিন্ধিব লাগিব আৰু নিয়ম নীতিখিনি মানি চলিব লাগিব ৷ কাৰণ ক'ভিড পৰিস্থিতিৰ সময়ত আমাৰ বহু কষ্ট হোৱাৰ লগতে বহু সমস্যা ভোগ কৰিবলগীয়া হৈছিল আৰু বহু হেৰুৱালো ৷ সেয়ে চৰকাৰে টিকাকৰণৰ সি সুবিধা আগবঢ়াইছে তাক আমি সকলোৱে গ্ৰহণ কৰিব লাগে ৷ জিলা উপায়ুক্তগৰাকীয়ে ক'ভিডৰ সময়ৰ ভয়াৱহ দিনবোৰৰ বিষয়েও উল্লেখ কৰে ৷ উল্লেখ্য যে এই বিশেষ ক'ভিড - ১৯ টিকাকৰণ অভিযান দেওবাৰৰ পৰা জিলাখনৰ ৩৩ টা স্বাস্থ্য কেন্দ্ৰত অহা ২৩ মাৰ্চলৈ লৈ পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ জিলাখনৰ ৬০ বা তাৰ ওপৰৰ সকলো নাগৰিক আৰু আনুষংগিক ৰোগাক্ৰান্ত ৪৫ ৰ পৰা ৫৯ বছৰ বয়সৰ সকলো নাগৰিকক সাঙুৰি বিশেষ কভিড -১৯ প্ৰতিষেধক প্ৰদান কৰা হ'ব । এই বিশেষ ক'ভিড-১৯ টিকাকৰণ অভিযানৰ শুভৰাম্ভ কাৰ্যসূচীত বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত ছৈয়দ মহম্মদ জাহিদ সৃষ্টি , অতিৰিক্ত উপায়ুক্ত গয়া প্ৰসাদ আগৰৱালা, সহকাৰী আয়ুক্ত মুনমী শইকীয়া ,জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীল মাধৱ দাস, অতিৰিক্ত মুখ্য চিকিৎসক তথা স্বাস্থ্য বিষয়া ডাঃলাবণ্য কুমাৰ শৰ্মা ,জিলা টিকাকৰণ বিষয়া ডাঃপুষ্পেন্দ্ৰ দাস , মহকুমা চিকিৎসক তথা বঙাইগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাঃ এম ইছলাম , জিলা আঁচনি প্ৰৱন্ধক আনন্দ শৰ্মা , ডি চি এম পাৰ্থ সাৰথি দাস, বঙাইগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি লক্ষ্মীকান্ত ৰায় ,কাৰ্যকৰী লভাপতি অলকেশ চক্ৰৱৰ্তী ,সাধাৰণ সম্পাদক বিনোদ কুমাৰ ভাগৱতীৰ লগতে স্বাস্থ্য কেন্দ্ৰটোৰ অন্যান্য চিকিৎসক ,নাৰ্চ, কৰ্মচাৰী আৰু বয়োজ্যেষ্ঠ নাগৰিক সকল উপস্থিত থাকে ৷ ইপিনে জিলা উপায়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বঙাইগাঁও জিলাত আমি মুঠ চাৰি হাজাৰৰ অধিক ক'ভিড - ১৯ প'জিটিভ ৰোগী পাইছিলো যদিও বৰ্তমান দুজনহে প'জিটিভ ৰোগী আছে ৷ মই নিজে আগতে প্ৰথম পালি প্ৰতিষেধ লৈছিলো আৰু ৬০ বছৰৰ ওপৰৰ আৰু ৪৫ বছৰৰ ওপৰৰ আনুষংগিক ৰোগাক্ৰান্ত লোকৰ টিকাকৰণ চলি আছে ৷ কিন্তু আমি ভাবিলো যে যিহেতু ভেকচিন আহি পালে আৰু মহাৰাষ্ট্ৰ , নাগপুৰ আদিত পুনৰ লকডাউনৰ পৰিস্থিতি উদ্ভৱ হৈছে ‌,সেয়ে বঙাগাঁৱতো যাতে পুনৰ তেনে পৰিস্থিতি নহয় তাৰ বাবে আমি তিনিদিনীয়া বিশেষ টিকাকৰণ অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰিছো ৷ প্ৰতিটো খণ্ডৰ চিকিৎসা বিষয়াই সেই অঞ্চলৰ ৪৫ বছৰৰ ওপৰৰ আৰু ৬০ বছৰৰ ওপৰৰ আনুষংগিক ৰোগাক্ৰান্ত ব্যক্তিসকলক চিনাক্ত কৰিছে আৰু তেওঁলোকক নিজ নিজ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰলৈ আনি টিকাকৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছো ৷ ইতিমধ্যে আমি ৬ হাজাৰ ৫ শ ব্যক্তিৰ তালিকা আমি প্ৰস্তুত কৰিছো আৰু যদি কোনোবা আছে তেওঁলোককো সামৰি লোৱা হ'ব ৷ অনুষ্ঠানৰ শেষত জিলা উপায়ুক্তগৰাকীয়ে বিশেষ ক'ভিড- ১৯ টিকাকৰণৰ ওপৰত প্ৰস্তুত কৰা এটি ভিডিঅ মুকলি কৰে ৷ ভিডিঅটোত জিলা উপায়ুক্তই ৰাইজলৈ ক'ভিড- ১৯ সন্দৰ্ভত তথা টিকাকৰণ সন্দৰ্ভত জনোৱা আহ্বান ,স্বাস্থ্য কৰ্মী, প্ৰশাসনৰ বিষয়া আৰু বয়োজ্যেষ্ঠ নাগৰিকসকলে প্ৰতিষেধক লোৱা দৃশ্য সন্নিবিষ্ট কৰা হৈছে ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা