নাজিৰাত পূৰ্ণ গতিত নিৰ্বাচনৰ সজাগতামূলক প্ৰস্তুতি
আসন্ন বিধানসভা নির্বাচন উপলক্ষে ১০৪ নং নাজিৰা বিধানসভা সমষ্টিৰ জিলা নিৰ্বাচনী বিষয়া, অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্ত আৰু নাজিৰা প্ৰশাসনৰ তৰফৰ পৰা এক বৰ্ণাঢ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী হাতত লোৱা হয়। আজি দিনৰ ১১ বজাত শিমলুগুৰি নাট্য মন্দিৰৰ সমীপত এখন ভোটদান সজাগতামূলক ভ্ৰাম্যমান প্ৰতীকী বাহন উন্মোচন কৰে নিৰ্বাচন পৰ্যবেক্ষক ড° পাৰ্থ সাৰথি মিশ্ৰই । নাজিৰাৰ নিৰ্বাচনৰ প্ৰস্তুতিত তেখেতে সন্তুষ্টি প্ৰকাশ কৰি কয় যে- নাজিৰা বাসী ৰাইজ সম্পূৰ্ণ ৰূপে প্ৰস্তুত। ইতিমধ্যে পৰিদৰ্শন কৰা ভোট গ্ৰহণ কেন্দ্ৰ সমূহৰ সুৰক্ষা ব্যৱস্থাৰ সম্পৰ্কত ড° মিশ্ৰই ইতিবাচক মন্তব্য প্ৰদান কৰে। অনুষ্ঠানটিত জেষ্ঠ নাগৰিকৰ তৰফৰ পৰা প্ৰভাত বৰঠাকুৰ, সাংবাদিক অনুজ ৰাজখোৱা, ভাস্কৰজ্যোতি বৰগোহাঁই, মনোজ দত্তই নিজৰ বক্তব্যৰে ভোট দানৰ বাবে ভোটাৰ সকলক অনুপ্ৰাণিত কৰে। লগতে নাজিৰা নিৰ্বাচনী জিলাৰ 'ব্ৰেণ্ড এম্বেচাদৰ' অনন্যা দত্তই নিজৰ গীতেৰে ভোটাৰ ৰাইজক ভোটদানৰ বাবে আৰু দুগুণ উৎসাহিত কৰে। নাজিৰাত কেনেকৈ নিকা আৰু শান্তিপূর্ণভাৱে সমাগত বিধান সভা নিৰ্বাচন সমাপন কৰিব পাৰি তাৰ প্ৰতি সচেতন দৃষ্টি ৰখাৰ লগতে সকলো নাগৰিককে নিজৰ মূল্যৱান ভোট প্ৰদানেৰে সবল গণতান্ত্রিক দেশৰ অংশীদাৰ হ'বলৈ জিলা নিৰ্বাচনী বিষয়া লখিমী দত্তই আহ্বান জনায়। তেখেতে আৰু কয় যে প্ৰশাসনে লোৱা নিৰ্বাচন কেন্দ্ৰীক এনেধৰণৰ পদক্ষেপে নাজিৰাৰ গণতন্ত্ৰক সবল আৰু শক্তিশালী কৰি তোলাত এক বিশেষ অৰিহণা যোগাব । অনুষ্ঠানৰ অন্তত শিমলুগুৰি নাট্য মন্দিৰৰ পৰা শিমলুগুৰি মছজিদ তিনিআলি লৈকে এটি সংহতি যাত্ৰা আৰম্ভ কৰা হয় যাক নেতৃত্ব দিয়ে শ্ৰদ্ধাৰ উপায়ুক্ত মহোদয়া লখিমী দত্তই । এই কাৰ্যসূচীৰ আঁত ধৰে খটখটী মধ্য ইংৰাজী বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী দীপলি দুৱৰাই।
নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া
Comments
Post a Comment