বৰপেটাৰ উপায়ুক্তৰ সভাকক্ষত সংবাদমেল

জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই সংবাদমেল সম্বোধন কৰি সংবাদমাধ্যম কয় -

নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পিছৰে পৰা এতিয়ালৈকে বৰপেটা জিলা প্ৰশাসনৰ তৎপৰতাত অবৈধ বা বিধি বহিৰ্ভূতভাবে সৰবৰাহ কৰা ধন প্ৰায় ১ কোটিকৈ অধিক টকা জব্দ কৰা হৈছে ।

বৰ্তমানলৈকে এক কোটি পাচঁ লাখ ৯৯,৮৬৯ টকা জব্দ কৰা হৈছে বুলি জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই এখন সংবাদ মেলত জনাইছে।

ইয়াৰে সৰ্বাধিক ৪১ লাখ টকা উদ্বাৰ হৈছে ৪৩ নং বৰপেটা বিধানসভা সমষ্টিত, সৰভোগ সমষ্টিত ৩০ লাখ, চেঙাত ১৮ লাখ, সৰুক্ষেত্ৰীত ১১ লাখ, জনীয়াত ২.৭৭ লাখ আৰু বাঘবৰত ১ লাখ টকা এই পৰ্যন্ত উদ্বাৰ হৈছে ।          

ইয়াৰ উপৰিও এই কেইদিনত আৰক্ষী আৰু আবকাৰী বিভাগৰ উপৰি ফ্লাইং স্কোৱাড আৰু এছ এছ টি ( স্থিৰ নিৰীক্ষণকাৰী দল)ৰ অভিযানত মুঠ ২৬,৬৮৯ লিটাৰ চুলাই মদ, ৮২১ লিটাৰ দেশত নিৰ্মিত বিদেশী সুৰা, ১২৩ কেজি ভাঙ, ৮১ কেজি নিচাযুক্ত দ্ৰব্য আৰু ১২২৪ টা নিচাযুক্ত টেবলেট উদ্বাৰ কৰি জব্দ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। 


তদুপৰি বৰপেটা জিলাৰ ছয় সমষ্টিত এইবাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১৫৯৬ টালৈ বৃদ্ধি কৰা হৈছে। 

ইপিনে বৰপেটা সদৰ সমষ্টিৰ বৰপেটা চহৰত দহটা ভোট গ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণ মহিলাৰ দ্বাৰাই সম্পন্ন হ'ব ৷

আনহাতে প্ৰতি সমষ্টিত দুটাকৈ আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰও স্হাপন কৰা হব বুলি জানিবলৈ দিছে উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ৷

এতিয়ালৈকে মুঠ চি ভিজিল এপ যোগে ৩৩ টা গোচৰ পোৱা গৈছিল যদিও ইয়াৰে ২৫ টা নিস্পত্তি কৰা হৈছে ৷

সংবাদ মেলত জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া মনোজ চিকাৰীয়া ,
অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক, দুলাল দেবনাথ, সব্যসাচী কাশ্যপ, নিৰ্বাচন বিষয়া ,তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা উপস্হিত আছিল ৷

*বৰপেটাৰ পৰা কঞ্জল দাস* ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা