কামৰূপত ষ্টেটিক ছাৰ্ভিলেন্স টীম আৰু ফ্লাইং স্কোৱাডৰ বিষয়াৰে নিৰ্বাচন পৰ্যবেক্ষকৰ সভা

পঙ্কজ নাথ, চাংসাৰি, ২১ মাৰ্চ : 

কামৰূপ নিৰ্বাচন জিলাৰ অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত নিৰ্বাচন পৰ্যবেক্ষক চাৰিগৰাকীয়ে আজি সমষ্টি কেইটাৰ ষ্টেটিক ছাৰ্ভিলেন্স টীম আৰু ফ্লাইং স্কোৱাডৰ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ সভাত মিলিত হয় । কামৰূপ জিলা উপায়ুক্তৰ নৱনিৰ্মিত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত ৪৮ নং বকো (অনুসুচিত জাতিৰ বাবে সংৰক্ষিত) বিধানসভা সমষ্টিৰ নিৰ্বাচন পৰ্যবেক্ষক  পবিত্ৰ মণ্ডল, ৪৯ নং ছয়গাঁও সমষ্টিৰ পৰ্যবেক্ষক ডঃ  মিত্ৰা টি, ৫০ নং পলাশবাৰী সমষ্টিৰ পৰ্যবেক্ষক দয়ানন্দ মিশ্ৰ আৰু ৫৫ নং হাজো সমষ্টিৰ পৰ্যবেক্ষক ডঃ চন্দ্ৰশেখৰ কুমাৰৰ লগতে কামৰূপ জিলাৰ জিলা নিৰ্বাচন বিষয়া তথা উপায়ুক্ত কৈলাশ কাৰ্তিক এন উপস্থিত আছিল । সভাৰ আৰম্ভনিতে জিলা নিৰ্বাচন বিষয়া কৈলাশ কাৰ্তিক এনে কয় যে নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ দিনৰে পৰা নিৰ্বাচন জিলাখনৰ অন্তৰ্গত চাৰিটা সমষ্টিতে নিৰ্বাচন আচৰণ বিধি বলবৎ হৈছে আৰু কোনো ক্ষেত্ৰত যাতে আচৰণ বিধি উলংঘন নহয় তাৰ প্ৰতি প্ৰশাসনে চোকা দৃষ্টি ৰাখিছে । নিৰ্বাচন পৰ্যবেক্ষক কেইগৰাকীয়ে সভাত উপস্থিত থকা ষ্টেটিক ছাৰ্ভিলেন্স টীম আৰু ফ্লাইং স্কোৱাডৰ বিষয়াসকলৰ কাম-কাজৰ বুজ লয় আৰু নিৰ্বাচন জিলা খনত নিৰ্বাচন আয়োগৰ আদৰ্শ আচৰণ বিধি কঠোৰ ভাবে বলবৎ হোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে আৰু এই ক্ষেত্ৰত যাতে সৰ্ব-সাধাৰণ ৰাইজ কোনো কাৰণতে হাৰাশাস্তিৰ সম্মুখীন হবলগীয়া নহয় তাৰ প্ৰতি বিশেষ নজৰ দিবলৈ সংশ্লিষ্ট বিষয়া সকলক নিৰ্দেশ দিয়ে । চিভিজিল (Cvigil) এপৰ ব্যৱহাৰৰ ওপৰত সজাগতা সৃষ্টিত নিৰ্বাচন পৰ্যবেক্ষকসকলে গুৰুত্ব দিয়ে । সভাত অতিৰিক্ত উপায়ুক্ত প্ৰনৱ দত্ত গোস্বামীকে ধৰি জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত আছিল ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা