বঙাইগাঁৱত অ- প্ৰাদেশীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰতিবাদী সমদল

বঙাইগাঁৱত অ- প্ৰাদেশীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰতিবাদী সমদল 

মুখ্যমন্ত্ৰী- শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

বঙাইগাঁওঃ ২৫ ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলা অ-প্ৰাদেশীকৃত প্ৰাথমিক শিক্ষক সন্থাই আজি বঙাইগাঁৱত সন্থাৰ ছয় দফীয়া দাবীৰ সমৰ্থনত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদানৰ উদ্দেশ্যে জিলা উপায়ুক্ত কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায় ৷ এই স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীৰ অংশ হিচাপে চহৰখনৰ বৰপাৰা ইন্দোৰ ষ্টেডিয়ামৰ ওচৰৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ উলিওৱা প্ৰতিবাদী সমদলত অংশ লোৱা শিক্ষকসকলে হাতে হাতে বিভিন্ন প্লেকাৰ্ডলৈ আমাৰ দাবী নাৰ্য দাবী , আমাৰ দাবী মানি লওক ,বিত্তীয় সাহাৰ্য আৰু মধ্যহ্ন ভোজনপ্ৰাপ্ত  প্ৰাথমিক বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰক, জিলা অ-প্ৰাদেশীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ ছয় দফীয়া দাবী পূৰণ কৰক, ২০১০- ১১ বৰ্ষৰ ডাইচ কোড থকা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ পদ প্ৰাদেশীকৰণ কৰক আদি বিভিন্ন দাবীত শ্লোগান দি সমদল কৰি গৈ জিলা উপায়ুক্ত কাৰ্যায়ৰ সন্মুখত উপস্থিত হয় আৰু প্ৰতিবাদ সাব্যস্ত কৰে ৷ পিছত সন্থাৰ তৰফৰ পৰা জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ ছয় দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ স্মাৰক পত্ৰত বঙাইগাঁও জিলা অ- প্ৰাদেশীকৃত শিক্ষক সন্থাই মূলত ২০০৯ - ১০ বৰ্ষৰ ডাইচ কোড ( Dise Code) ৰ পৰৱৰ্তী যি কোনো বৰ্ষৰ ডাইচ কোডৰ ভিত্তিত শিক্ষকসকলৰ পদ প্ৰাদেশীকৰণ কৰা ,২০১০- ১১ বৰ্ষলৈ বিত্তীয় সাহায্যপ্ৰাপ্ত সমূহ অ-প্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকৰ পদসমূহ প্ৰাদেশীকৰণ কৰা , যিসমূহ বিদ্যালয়ত বুজন সংখ্যক ছাত্ৰ- ছাত্ৰীয়ে মধ্যহ্ন ভোজন গ্ৰহণ কৰি আছে আৰু ৰন্ধন কৰ্মীয়ে পাৰিতোষিক গ্ৰহণ কৰি আছে তেনেবোৰ বিদ্যালয়ৰ পদ প্ৰাদেশীকৰণ কৰা , বিভাগীয় কৰ্তৃপক্ষই প্ৰস্তুত কৰা ২০০৪ বৰ্ষৰ তালিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিদ্যালয়সমূহৰ শিক্ষকসকলৰ পদ প্ৰাদেশীকৰণ কৰা ,২০০৬ বৰ্ষৰ পূৰ্বে যিবোৰ বিদ্যালয়ৰ নামত থকা মাটিৰ তথ্য - পাতিৰ ভিত্তিত শিক্ষকসকলৰ পদ প্ৰাদেশীকৰণ কৰা আৰু যিবোৰ বিদ্যালয়ৰ শিক্ষকে বিনা বেতনে অৱসৰ গ্ৰহণ কৰিছে অথবা অকাল মৃত্যুক আঁকোৱালি লৈছে তেনেবোৰ শিক্ষকক এককালীন সাহাৰ্য প্ৰদান কৰাৰ বাবে দাবী জনায় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা