নলবাৰী জাতীয় বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

নলবাৰী জাতীয় বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৮ ফেব্ৰুৱাৰী*



আজি সমগ্র দেশে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰাৰ লগতে নলবাৰীৰ অন্যতম শিক্ষানুষ্ঠান নলবাৰী জাতীয় বিদ্যালয়তো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় । নলবাৰী জাতীয় বিদ্যালয়ৰ জেষ্ঠ শিক্ষক আলতাফ হুছেইনৰ পৌৰাহিত্যত আৰু শিক্ষক ৰূপক বৈশ্য আৰু দ্বীপজ্যোতি ডেকাৰ নেতৃত্বত অনুষ্ঠিত দিৱসটোৰ তাৎপর্য বাখ্যা কৰে শিক্ষক দ্বীপজ্যোতি ডেকাই৷ তাৰ পিচতেই বিজ্ঞান সম্বন্ধীয় প্ৰায় সকলো কথাকে সামৰি কম সময়ৰ ভিতৰতে বিজ্ঞানৰ প্ৰতি আকৰ্ষণ বৃদ্ধি হোৱাৰ বাবে বৰ সাৰুৱাভাৱে আলোকপাত কৰি ভাষণ প্ৰদান কৰে শিক্ষক ৰূপক বৈশ্যই ৷ বিভিন্ন পেলনীয়া সামগ্রীৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীয়ে নিজাববীয়াকৈ প্ৰস্তুত কৰি উলিওৱা প্ৰকল্পৰ ওপৰত বিজ্ঞানৰ ক্রিয়া শৈলী ছাত্র-ছাত্রীৰ আগত মনোগ্রাহীকৈ প্রদর্শন কৰাৰ লগতে পৰীক্ষামূলক ভাৱে দেখুৱাই দিয়ে উক্ত দুয়োগৰাকী শিক্ষকে ৷ কার্বন ডাই-অক্মাইড, হাইড্ৰ'জেন  গেছ আদি ক'ত কেনেদৰে ব্যবহাৰ কৰা হয় সকলো বিতংকৈ বক্তব্যৰে প্ৰকাশ কৰে ৷ বর্তমান পৃথিৱীখন যে বিজ্ঞানৰ ওপৰত নির্ভৰশীল বাস্তৱ ক্ষেত্রত বুজাই দিয়ে ৷ ছাত্র-ছাত্রীসকলে বিজ্ঞানৰ ওপৰত বহুখিনি জ্ঞান লাভ কৰে ৷ লগতে শিক্ষকদুগৰাকীয়ে বর্তমান বিজ্ঞান অবিহনে দেশৰ প্রগতি সম্ভৱ নহয় বুলিও বক্তব্যত উল্লেখ কৰি সজাগতা বৃদ্ধি কৰে ৷ বিদ্যালয়খনে দিৱসটোত ছাত্র-ছাত্রীৰ উদ্দেশ্যে লোৱা এনেধৰণৰ পদক্ষেপক অভিভাৱকসকলে শলাগ লয় আৰু ভৱিষ্যতেও এনেকুৱা অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে আহবান কৰে ৷ অনুষ্ঠানত ছাত্র-ছাত্রীৰ তৰফৰ পৰাও কেইবাগৰাকীয়েও  বিজ্ঞানৰ ক্রিয়া কলাপ প্রদৰ্শন কৰাৰ উপৰি নিজৰ নিজৰ বক্তৃতা প্ৰদান কৰে ৷ অনুষ্ঠানটোত শিক্ষানুষ্ঠানখনৰ প্ৰায় সকলো ছাত্র ছাত্রীৰ উপৰি শিক্ষক-শিক্ষয়িত্রী তথা কৰ্মচাৰী উপস্থিত থাকি সম্পূৰ্ন সহযোগিতা আগবঢ়ায় ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা