ৰঙিয়াত বন্ধন বেংকৰ উদ্যোগত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিত্তীয় স্বাক্ষৰতা শিবিৰৰ সামৰণি

ৰঙিয়াত বন্ধন বেংকৰ উদ্যোগত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিত্তীয় স্বাক্ষৰতা শিবিৰৰ সামৰণি 


প্ৰতিবেদক, ৰঙিয়া,১৩ ফেব্ৰুৱাৰীঃ
বিত্তীয় সচেতনতাৰ প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ সমূহক মূল বিষয় হিচাপে লৈ বন্ধকীবিহীন ঋণ, ব্যৱসায়ৰ পৰা প্ৰাপ্ত ৰেহাইৰ ব্যৱস্থা,ইয়াৰ আনুষ্ঠানিকৰণ আৰু সময়মতে ঋণ পৰিশোধ তথা বেংকিং ব্যৱস্থাৰ অংশ হৈ থাকি কিদৰে লাভান্বিত হ'ব পাৰি সেইবোৰ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিত্তীয় সচেতনতা অভিযান চলি আছে৷ বন্ধন বেংকৰ উদ্যোগত ৰাজ্যৰ প্ৰতিখন জিলাতে এই অভিযান চলি আছে৷ইপিনে বন্ধন বেংকৰ ৰঙিয়া শাখাৰ উদ্যোগত আজি ৰঙিয়া মহাবিদ্যালয়ত বিত্তীয় স্বাক্ষৰতা অভিযান শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়৷ বন্ধন বেংকৰ ৰঙিয়া শাখাৰ শাখা পৰিচালক অজয় কুমাৰ শীলে আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত ৰিজাৰ্ভ বেংকৰ এফ আই ডি ডিৰ সহকাৰী মহাপ্ৰবন্ধক তাপস ভৌমিক মুখ্য অতিথি হিচাপে উপস্থিত থাকি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ সমূহ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ সমূহৰ ক্ষেত্ৰত বিধিবন্ধকৰণে বেংকৰ পৰা ঋণ পোৱাৰ বাবে গ্ৰাহকৰ ওপৰত পেলোৱা প্ৰভাব,ব্যৱসায়ৰ পৰিকল্পনা সম্ভাৱনাপূৰ্ণ হ'লে কেনেকৈ জামানতমুক্ত ঋণ পাব পাৰি,নিয়মিত ঋণ পৰিশোধ কৰাতো এচ এম ইৰ বাবে লাভদায়ক,ট্ৰি ডি এচয়ে এম এচ এম ইৰ বিলম্বিত লেনদেনত সহায় কৰে৷ সেই সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াই ৰাইজক সচেতন হোৱাৰ আহ্বান জনায়৷এনেধৰণৰ উদ্যোগৰ জৰিয়তে আৰ্থ সামাজিক ব্যৱস্থা ত্বৰান্বিত কৰাৰ বাবে বেংক সমূহে প্ৰয়াস চলাই আহিছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত ৰাইজে বেংকৰ লগত সহযোগ স্থাপন কৰিলেহে সফল হ'ব পৰা যাব বুলি ৰিৰ্জাভ বেংকৰ মহাপ্ৰবন্ধক গৰাকীয়ে মন্তব্য কৰে৷অনুষ্ঠানত আঞ্চলিক পৰিচালক শেনাজিত সৰকাৰ,ক্লাষ্টাৰ হেড অভয় কুমাৰ, টেৰিটৰি পৰিচালক দেৱব্ৰত সাহা,জনসম্পৰ্কৰক্ষী বিষয়া অজয় কুমাৰ শীল, শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য দিলীপ লহকৰ, ৰঙিয়া মহকুমাটোৰ কেইবাগৰাকী সংবাদিক, প্ৰমূখ্যে ভালেসংখ্যক ৰাইজ উপস্থিত থাকে৷ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে  ৰিজাৰ্ভ বেংকৰ এফ আই ডি ডিৰ সহকাৰী মহাপ্ৰবন্ধক তাপস ভৌমিকে৷
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা