বিদ্যা ভাৰতীৰ প্ৰচাৰ বিভাগৰ অখিল ভাৰতীয় কৰ্মশালা সম্পন্ন

বিদ্যা  ভাৰতীৰ প্ৰচাৰ বিভাগৰ অখিল ভাৰতীয়  কৰ্মশালা সম্পন্ন। 

পঙ্কজ নাথ, চাংসাৰি, ৫ ফেব্ৰুৱাৰী :

বিদ্যা  ভাৰতীৰ প্ৰচাৰ বিভাগৰ  অখিল ভাৰতীয় কৰ্মশালা এখন লক্ষ্ণৌৰ নিৰালা নগৰস্থিত সৰস্বতী কুঞ্জত অলপতে অনুষ্ঠিত হৈ যায়। এই কৰ্মশালাত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি নন্দ কুমাৰে কয় যে, ইংৰাজৰ দিনৰ পৰাই ভাৰতীয় ভাষা- সংস্কৃতিক বিকৃত কৰি ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ পৰিকল্পনাৰে ভাৰতীয় ভাষা, সংস্কৃতি, ৰীতি-নীতি, লোক পৰম্পৰাৰ ওপৰত এচাম ব্যক্তি আৰু সংগঠনে ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আহিছে। এনে আক্ৰমণৰ বলি হৈ ভাৰতীয় ভাষা - সংস্কৃতি ইতিমধ্যে  বিকৃত হ'বলৈ ধৰা পৰিলক্ষিত হৈছে। অাধুনিকতাৰ নামত অামাৰ ভালবোৰক বেয়া বুলি এৰি ধৰিছো আৰু বেয়া বোৰকো ভাল বুলি আঁকোৱালী ল'ব ধৰিছো।  এনে পৰিস্থিতিত  বিদ্যা  ভাৰতীয়ে ভাৰতীয় ভাষা- সংস্কৃতিৰ  ৰক্ষাৰ স্বাৰ্থত সংঘবদ্ধহৈ  অধিক সক্ৰিয়তাৰে এই আক্ৰমণৰ প্ৰত্ত্যুতৰ দিব লাগিব বুলি নন্দ কুমাৰে ঘোষণা কৰে। পাশ্চাত্য চিন্তা ধাৰাৰে পৰিচালিত ব্যক্তি তথা সংগঠনবোৰৰ দ্বাৰা  ভাৰতীয় ভাষা-সাহিত্য ,কলা-সংস্কৃতিৰ ওপৰত পৰিকল্পিতভাৱে চলাই থকা আক্ৰমণৰ সন্দৰ্ভত বিদ্যা  ভাৰতীয় এইখন দুদিনীয়া কৰ্মশালাত  পুংখানুপুংখ ভাবে আলোচনা কৰা হয়।  সাম্প্ৰতিক পৰিস্থিতত  বিদ্যা  ভাৰতীৰ প্ৰচাৰ বিভাগৰ দায়িত্ব আৰু অাঁচনিৰ বিষয়ে কৰ্মশালাত আলোচনা হৈছিল। লক্ষ্ণৌৰ অনুষ্ঠিত হোৱা এই  কৰ্মশালাত  বিদ্যা  ভাৰতীৰ  ১১টা ক্ষেত্ৰৰ পৰা অহা ৭০ জন কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিছিল।  শিশু   শিক্ষা  সমিতি  অসমৰ  হৈ প্ৰচাৰ বিভাগৰ ৰাজ্যিক  প্ৰচাৰ সম্পাদক অজয় কুমাৰ বৰা , ৰাজ্যিক সংবাদদাতা  লালজী সোণাৰী,  ছচিয়েল মেডিয়াৰ ৰাজ্যিক প্ৰমুখ মুকুটেশ্বৰ  গোস্বামী  আৰু  অৰুণাচল প্ৰদেশৰ ৰাজ্যিক প্ৰচাৰ সম্পাদক  জয়ন্ত বৰাই  ভাগ লৈছিল। ইয়াৰ লগতে পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহ প্ৰচাৰ প্ৰমুখ পৰমেশ্বৰ  বৰপূজাৰী এই কৰ্মশালাত অংশ গ্ৰহণ কৰিছিল বুলি আজি শিশু শিক্ষা সমিতি অসমৰ প্ৰান্ত প্ৰচাৰ বিভাগৰ প্ৰমুখ অজয় কুমাৰ বৰাই সাংবাদিকক জানিবলৈ দিছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা