দিল্লীত জনতাৰ তেজৰ ৰাঙলীক ভ্ৰুক্ষেপ নকৰি মোডী- ট্ৰাম্পৰ ৰাজকীয় ভোজ মেল- হেমেন দাস

*দিল্লীত জনতাৰ তেজৰ ৰাঙলীক ভ্ৰুক্ষেপ নকৰি মোডী- ট্ৰাম্পৰ ৰাজকীয় ভোজ মেল- হেমেন দাস
*
*নলবাৰীত চি পি আই (এম)ৰ সহস্ৰাধিকৰ সমাবেশ*



*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৭ ফেব্ৰুৱাৰী*


দিল্লীত সম্প্ৰতি ভয়ংকৰ সংঘৰ্ষৰ সৃষ্টি হৈছে। সাধাৰণ নিৰীহৰ ৰক্তৰে ৰাজপথ ৰাঙলী হৈছে। জনতা সন্ত্ৰাসীত এনে পৰিস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে ট্ৰাম্পৰ সৈতে ৰাসংগীঁ ভোজত মিলিত হৈছে। জনতাৰ ক্ষোভক লৈ শাসকসকলৰ কোনো ভ্ৰুক্ষেপ নাই। সাম্প্ৰদায়িকতাৰ বিষবাষ্পৰে জনসাধাৰণৰ মাজত বিভেদ সৃষ্টি কৰি শাসন-লুন্ঠন বাধাহীনভাবে চলাই যোৱাৰ চক্ৰান্তত লিপ্ত মোডী-অমিত শ্বাহ যুটীৰ চৰকাৰ তথা সংগীসকল। আজি বুধবাৰে নলবাৰীৰ পৰিদৰ্শন বাংলাৰ সন্মুখত চি পি আই (এম) দলৰ জিলা সমিতিৰ উদ্যোগত তথা বিভিন্ন সমস্যা সমাধানৰ দাবীত আয়োজিত এখন সমাবেশত ভাষণ প্ৰদান কৰি বৰ্ষীয়ান বাওঁপন্থী নেতা, প্ৰাক্তন বিধায়ক হেমেন দাসে এইদৰে কয়। তেওঁ মোডী-সৰ্বানন্দ সোনোৱালৰ ভেল্কিবাজিত ভোল নাযাবলৈও ৰাইজক আহ্বান জনায়। সমাবেশত বিশিষ্ট বাওঁপন্থী নেতা ৰবীন মিশ্ৰই ভাষণত কয় যে নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবীত চলা আন্দোলন দূৰ্বল কৰাৰ বাবে বিজেপিৰ কেন্দ্ৰ তথা ৰাজ্যৰ চৰকাৰে স্বৈৰাচাৰী নীতি অৱলম্বন কৰাৰ লগতে প্ৰলোভনৰ নিকৃষ্ট ৰাজনীতিত লিপ্ত হৈছে। বিশেষকৈ আমাৰ  ৰাজ্য অসমৰ বিবেক সদৃশ নমস্য ব্যক্তিক বৌদ্ধিক সন্ত্ৰাসবাদী বুলি তাচ্ছিল্য কৰাৰ ফটুৱামী জাতিৰ বাবেই লজ্জাজনক। জাতিধ্বংসী-সাম্প্ৰদায়িক সংবিধানবিৰোধী আইনখন বাতিলৰ দাবীত সকলো দেশপ্ৰেমীক এক শক্তিৰে ঐক্যবদ্ধ হৈ আন্দোলন চলোৱাৰ লগতে ধনীক শ্ৰেণীৰ স্বাৰ্থ সুৰক্ষিত কৰা বিজেপি চৰকাৰক উৎখাত কৰাৰ বাবে সংকল্পবদ্ধ হ'বলৈ মিশ্ৰই আহ্বান জনায়। সমাবেশত চি পি আই (এম) দলৰ ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্যই ভাষণত কয় যে বিজেপিয়ে দেশ, ৰাজ্যৰ লাভজনক উদ্যোগসমূহ বিক্ৰী কৰি পেলালে। দিল্লীৰ নিৰ্বাচনত ৰাইজে প্ৰত্যাখ্যান কৰাৰ ক্ষোভত গেছ চিলিণ্ডাৰৰ দাম ৮৯ টকা বৃদ্ধি কৰা হ'ল। নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি হ'ল। দূৰ্নীতি আৰু লুন্ঠনে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ ৰেকৰ্ডো ব্ৰেক কৰিলে এই ভাজপা দলৰ চৰকাৰে। এনে পৰিস্থিতিত ৰাইজক আগত দিনত নতুন চিন্তা কৰিবলৈ ভট্টাচাৰ্যই আহ্বান জনায়। অধ্যাপক ৰাজেন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সমাবেশত চি পি আই (এম) নলবাৰী জিলা সমিতিৰ সম্পাদক উমেশ দত্ত,  বাওঁপন্থী নেতা জগত গোস্বামীও ভাষণ ৰাখে। সমাবেশত বাওঁপন্থী নেতা কৰুণা কলিতা, মহেশ্বৰ দত্ত, নৃপেন দাসসহ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা