বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন 

চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ 


বঙাইগাঁওঃ ২ ফেব্ৰুৱাৰীঃ বঙাইগাঁৱৰ সংবাদ সেৱীসকলৰ অন্যতম অনুষ্ঠান বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ আজি ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটো প্ৰেছ ক্লাব প্ৰাংগণত উদযাপন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি তেজেশ ত্ৰিপাঠীয়ে পতাকা উত্তোলন কৰাৰ বিপৰীতে প্ৰতিষ্ঠাপক সভাপতি তথা অসমীয়া প্ৰতিদিন কাকতৰ বঙাইগাওঁ সংস্কৰণৰ আৱাসিক সম্পাদক হেমন্ত কুমাৰ শৰ্মাই স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰে ৷ ইয়াৰ পিছতে অনুষ্ঠিত হয় এখন স্মৃতিচাৰণ সভা ৷ প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি তেজেশ ত্ৰিপাঠীৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাত উদ্দেশ্য ব্যখ্যা কৰে ক্লাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰুবুল হাজৰিকাই ৷ স্মৃতিচাৰণ সভাত প্ৰতিষ্ঠাপক সভাপতি হেমন্ত কুমাৰ শৰ্মাই কয় যে আমি সাংবাদিকসকলে আমাৰ কামৰ জৰিয়তে প্ৰতিদিনেই একোজনকৈ আমাৰ শত্ৰু বঢ়াই লওঁ ৷ কাৰণ দুৰ্নীতি ,অন্যায়ৰ বিৰুদ্ধে কলম তুলি লোৱাতোৱে হ'ল সাংবাদিকৰ ধৰ্ম ৷ গতিকে ইয়াকে কৰিবলৈ যাওতে সাংবাদিকসকলেৰ শত্ৰু বাঢ়ি যায় ৷ ইয়াৰ বাবে বিভিন্ন সময়ত সাংবাদিকসকলে নানা হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে বুলি কৈ তেওঁ নিজে ইয়াৰ ভুক্তোভুগি বুলিও কয় ৷ কিন্তু তৎস্বত্বেও আপোচ কৰা নাই আৰু আগলৈকো নকৰে বুলি কয় ৷ তেওঁ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে আগলৈকেও এই ধাৰা অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰে ৷ প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে আৰু কয় যে বঙাইগাঁৱৰ সাংবাদিকসকলৰ কোনো অনুষ্ঠান নাছিল ৷ এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি তথা সকলোকে একত্ৰিত কৰি এই প্ৰেছ ক্লাবটো গঠন কৰা হৈছিল ৷ এই প্ৰেছ ক্লাবে চাওতে চাওতে ২৮ টা বছৰ পূৰ্ণ কৰিলে ৷ এয়া গৌৰৱৰ বিষয় ৷ তেওঁ প্ৰেছ ক্লাব গঠনৰ পুৰণি দিনৰ স্মৃতিও ৰমন্থন কৰে ৷ সভাত প্ৰেছ ক্লাবৰ বৰ্তমানৰ সভাপতি সুজিৎ কুমাৰ ৰায়, সাধাৰণ সম্পাদক উপানন্দ শৰ্মা, সহকাৰী সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকা , প্ৰেছ ক্লাবৰ সদস্য ধৰমৰঞ্জন ৰয়, গোপাল হৰলালকা আদিয়েও চমু বক্তব্য ৰাখে ৷ সভাত জিলা পৰিবহন বিষয়া দ্বীপজ্যোতি নেওগো উপস্থিত থাকে ৷ উল্লেখ্য যে এই সভাতে পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি প্ৰেছ ক্লাবৰ উদ্যোগত তথা পৰিবহন বিভাগৰ সহযোগত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা বিজয়ীসকলক বঁটাসমূহ প্ৰদান কৰা হয় ৷ চিত্ৰাংকন প্ৰতিযোগিতাত 'ক' শাখাত গাংগুত্ৰী গগৈয়ে প্ৰথম, ত্ৰিশিতা দাসে দ্বিতীয় আৰু তনুশ্ৰী বৰুৱাই তৃতীয় পুৰস্কাৰ লাভ কৰে ৷ সেইদৰে 'খ' শাখাত বৰ্ষামণি শৰ্মাই প্ৰথম, দিশা কুমাৰীয়ে দ্বিতীয় আৰু মনচুমী দাসে তৃতীয় পুৰস্কাৰ লাভ কৰে ৷ নিচুকনী পুৰস্কাৰ লাভ কৰে কেভেলিনা দাস আৰু নিকিতা ৰয়ে ৷ বঁটা বিজয়ীসকলক পুৰস্কাৰ হিচাপে নগদ ধন আৰু একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷ সভাত জিলা পৰিবহন বিষয়াগৰাকীয়ে পথ সুৰক্ষা সন্দৰ্ভত জিলা পৰিবহন বিভাগে গ্ৰহণ কৰা কাম - কাজত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে আগবঢ়োৱা সহযোগিতাৰ কথা উল্লেখ কৰাৰ লগতে অনাগত দিনটো এই বিষয়ত একেলগে কাম কৰাৰ কথা কয় ৷ লগতে এই বিষয় নিজে লাভ কৰা অভিজ্ঞতাৰ কথাও উল্লেখ কৰে ৷ পুৰস্কাৰসমূহ জিলা পৰিবহন বিষয়াগৰাকীৰ লগতে সভাত উপস্থিত থকা ব্যক্তিসকলে প্ৰদান কৰে ৷ সভাত প্ৰেছ ক্লাবৰ সদস্যসকলৰ লগতে পুৰস্কাৰ লাভ কৰা প্ৰতিযোগী আৰু তেওঁলোকৰ অভিভাৱকসকলো উপস্থিত থাকে ৷ শেষত সভাপতিৰ চমু বক্তব্যৰে সভাৰ সামৰণি পৰে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা