মটক জনগোষ্ঠীৰ গছতলৰ বিহু প্রতিযােগিতাৰ বঁটা বিতৰণী সম্পন্ন

মটক জনগোষ্ঠীৰ গছতলৰ বিহু প্রতিযােগিতাৰ বঁটা বিতৰণী সম্পন্ন


চাবুৱাঃ ৫ ফেব্ৰুৱাৰীঃ মটক জনজাতিৰ কলা-কৃষ্টি বিকাশ মঞ্চৰ উদ্যোগত আৰু চাবুৱা লাইভৰ সহযােগত অসমৰ অন্যতম ভূমিপুত্র মটকসকলৰ পৰম্পৰাগত গছতলৰ বিহুৰ ব্যাপক প্রসাৰ আৰু প্ৰচাৰ তথা বৈশিষ্ট অক্ষুন্ন ৰাখিবলৈ লােৱা প্ৰচেষ্টাৰ অনুসৰি যােৱা ব'হাগ বিহুৰ সময়ত বৃহত্তৰ চাবুৱা অঞ্চলৰ বিভিন্ন গাঁওবিলাকৰ পালন কৰা মটকৰ পৰম্পৰাগত গছতলৰ বিহুৰ এক ক্ষেত্র ভিত্তিক পর্যবেক্ষণ কৰি এক প্রতিযােগিতাৰ আয়ােজন কৰিছিল। ৩ ফ্রেব্রুৱাৰীত আয়ােজিত এক অনুষ্ঠানত বঁটা প্ৰদান কৰা হয়। চাবুৱা মহাবিদ্যালয় পথৰ শংকৰদেৱ নাট্য মন্দিৰত অনুষ্ঠিত উক্ত বঁটা প্রদান অনুষ্ঠানত ফুকনৰখাট গছতলৰ বিহু দলে শ্রেষ্ঠ, তিতাডিমৰু গাঁও গছতলৰ বিহু দলে দ্বিতীয় আৰু তৃতীয় যুটীয়াভাৱে লাভ কৰে দেওধাই আৰু নাদুৱা গােহাঁই গাঁৱৰ গছতলৰ বিহু দলে। জেৰাই চকলীভৰীয়া গছতলৰ বিহু দলক বিশেষ উদগনিমূলক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত ভালে কেইগৰাকী ব্যক্তিক সম্বর্ধনা জনােৱা হয়।মঞ্চৰ সমন্বয়ক দেৱঋষি চেতিয়াই আঁত ধৰা অনুষ্ঠানত চাবুৱা সাহিত্য সভাৰ প্রাক্তন সভাপতি যতীন নেওগ, ভাগ্যেশ্বৰ গগৈ, চুচেন বৰুৱা, শুক্লধৰ ফুকনে ধৰি ভালেকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা