গোৱালপাৰাত জিলা প্ৰশাসনৰ চিলাই মেচিন বিতৰণ অনুষ্ঠান

গোৱালপাৰাত জিলা প্ৰশাসনৰ চিলাই মেচিন বিতৰণ অনুষ্ঠান

-------

গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত যোৱা ৮ ফেব্ৰুৱাৰী তাৰিখে এক সাহায্য বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত জিলাখনৰ মুঠ ১৪ গৰাকী বিশেষ ভাৱে সক্ষম মহিলাৰ মাজত একোটাকৈ চিলাই মেচিন বিতৰণ কৰা হয় ৷ সিদিনা দিনৰ প্ৰায় ১১ বজাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই চিলাই মেচিন বিতৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী,জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ লগতে জিলা প্ৰশাসনৰ কেবা গৰাকীও উচ্চ পদস্থ বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ

Comments