গোলাঘাটত লাহন বংশৰ সভা ; গোলাঘাট জিলা সমিতি গঠন

গোলাঘাটত লাহন বংশৰ সভা ; গোলাঘাট  জিলা সমিতি গঠন ।                                                     গোলাঘাট ২৫ ফেব্ৰুৱাৰী       আহোমৰ ছশ বছৰীয়া ৰাজত্ব কালৰ সাতঘৰীয়া ৰাজ পৰিয়ালৰ অন্যতম লাহন পৰিয়াল। এই লাহন বংশধৰ সকলে শিপাৰ সন্ধানত এতিয়া অসমৰ বিভিন্ন প্ৰান্তত সিচঁৰিত হৈ থকা বংশধৰ সকলক একত্ৰিকৰণৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা কৰিছে।  কালি গোলাঘাট জিলাৰ পুলিবৰত তেনে  উদ্দেশ্যে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। অঞ্চলটোৰ বিশিষ্ট নাগৰিক বেনীমাধব লাহনৰ বাসগৃহত এই উদ্দেশ্যৰে অনুস্থিত হোৱা সভাত উজনি অসমৰ জিলা কেইখনৰ লাহন বংশৰ লোক সকল উপস্থিত আছিল । সভা খনত লাহন বংশৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা শৈলেন লাহনৰ সভাপতিত্বত অনুস্থিত সভা খনত এই বংশৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সূন্দৰ জ্যোতি লাহন সম্পাদক যাদব লাহন , অনুজ লাহন , দেৱজিৎ লাহন আদিয়ে অসমৰ বিভিন্ন প্ৰান্তত সিচৰিত হৈ থকা লাহন সকলক একত্ৰিত কৰি আৰ্থ সামাজিক , সাহিত্য , সাংস্কৃতিক আদিৰ দিশত আগুৱাই নিয়াৰ বাবে বিশদ ভাবে আলোচনা কৰে । লাহন সকলৰ সৰ্বাংগীন বিকাশৰ বাবে আয়োজিত এই সভাত শৈলেন লাহনক সভাপতি পৰাগ লাহন আৰু নিতীশ লাহনক যুটীয়া সম্পাদক গৌতম  লাহনক গবেষণা আৰু জৰীপৰ দায়িত্ব দি ১৭ জনীয়া লাহন বংশৰ গোলাঘাট জিলা সমিতি খন গঠন কৰা হয় ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা