ভেলাখামাৰত জে ই টিকাকৰণ অভিযান আৰম্ভ

ভেলাখামাৰত জে ই টিকাকৰণ অভিযান আৰম্ভ

-----

ৰাজ্যখনৰ বিভিন্ন জিলাত বিগত বহু বছৰ ধৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধ কৰাৰ বাবে অসম চৰকাৰে সূচনা কৰা জে ই টিকাকৰণ অভিযান ২০২০ বৰ্তমানে চলি আছে গোৱালপাৰা জিলাত ৷ এই জে ই টিকাকৰণ অভিযান কালিৰ পৰা আৰম্ভ হৈছে জিলাখনৰ মৰনৈ পি এইছ চিৰ অন্তৰ্গত ভেলাখামাৰ গাঁৱত ৷ ভেলাখামাৰ স্বাস্থ্য উপকেন্দ্ৰত কালি পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈ অনুষ্ঠিত হয় এই টিকাকৰণ ৷ টিকাকৰণ অভিযানৰ কালি প্ৰথম দিনা স্বাস্থ্য উপকেন্দ্ৰৰ অন্তৰ্গত মুঠ ৬৫০ গৰাকী লোকৰ ভিতৰত মুঠ ২০০ গৰাকী লোকে এই টিকা গ্ৰহণ কৰে ৷ আজিও অব্যাহত আছে এই টিকাকৰণ ৷ টিকাকৰণ অভিযানত অংশ লৈছে ক্ৰমে ছফিয়া নুৰ (এ এন এম), ফুলেশ্বৰী নাথ (এ এন এম),ভুৱনেশ্বৰী ৰায় (আশা ছুপাৰ ভাইজাৰ),প্ৰণৱজ্যোতি নাথ (এম পি ডব্লিউ),অনুপমা নাথ (আশা কৰ্মী) আৰু গীতুমণি ডেকা নাথ (অংগনবাদী কৰ্মী) ৷ ফুলেশ্বৰী নাথে জানিবলৈ দিয়া মতে , অহা ১৩ ফেব্ৰুৱাৰীলৈ এই অভিযান চলিব যদিও ৰবিবাৰ আৰু বুধবাৰে এই অভিযান বন্ধ থাকিব ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা