বাংলীপাৰাত শ্ৰীশ্ৰীমদন মোহন গোঁসাই সত্ৰত বাৰ্ষিক নাম-কীৰ্তন মহোৎসৱ

বাংলীপাৰাত শ্ৰীশ্ৰীমদন মোহন গোঁসাই সত্ৰত বাৰ্ষিক নাম-কীৰ্তন মহোৎসৱ

সঞ্জীৱ দাস, ভৱানীপুৰ, ৯ ফেব্ৰুৱাৰীঃ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত বাংলীপাৰা গাঁওত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীমদন মোহন গোঁসাই থান সত্ৰত প্ৰতি বছৰৰ দৰে এই বছৰো নাম-কীৰ্তন মহোৎসৱ উপলক্ষে আজি দহ হেজাৰ ভক্তৰ আগমন, নাম-কীৰ্তন, ধৰ্ম সভা আদিৰে মুখৰিত হয় সত্ৰ চৌহদ তথা বৃহত্তৰ বাংলীপাৰা অঞ্চল। কালিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য ধৰ্মীয় কাৰ্যসূচীৰে শ্ৰীশ্ৰীমদন মোহন গোঁসাই সত্ৰত ৬৫ সংখ্যক নাম-কীৰ্তন মহোৎসৱত হেজাৰ হেজাৰ লোকৰ সমাগম, নাম-কীৰ্তনেৰে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হয় বাংলীপাৰা অঞ্চল। আজি পুৱাৰ ভাগত ভকত-আয়তীয়ে ঊষা কীৰ্তন পৰিৱেশন কৰাৰ পাছতেই শৰাই স্থাপন কৰে শ্ৰীশ্ৰীমদন মোহন গোঁসাই থান সত্ৰৰ সত্ৰাধিকাৰ মহেশ্বৰ দাসে লগতে দিগন্ত কলিতাৰ পৰিচালনাত নাম-প্ৰসংগ কৰা হয়। ইয়াৰ পাছতেই বাংলীপাৰা অঞ্চলত উলিওৱা ভাগৱত লৈ শোভাযাত্ৰা কাৰ্যসূচী উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক কিশোৰ কুমাৰ মেধিয়ে। সহস্ৰাধিক ভকত-আয়তী, যুৱক-যুৱতীয়ে নাম-কীৰ্তন পৰিৱেশনেৰে ভাগৱত লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। তদুপৰি মহোৎসৱস্থলীত শ্ৰুতিমধুৰভাৱে ভাগৱত পাঠ কৰি লক্ষীমপুৰৰ নাৰায়ণপুৰৰ শংকৰী সংস্কৃতিৰ একনিষ্ঠ সাধক চন্দন কোঁৱৰে ধৰ্মপ্ৰাণ ৰাইজক মুগ্ধ কৰে। দুপৰীয়াৰ ভাগত ভৱানীপুৰ আঞ্চলিক মহোবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নবীন চন্দ্ৰ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত ধৰ্মসভাত নাম ধৰ্ম, আধ্যাত্মিকতাৰ ওপৰত বহল ব্যাখ্যাৰে নিৰ্দ্দিষ্ট বক্তাই ভাষন ৰাখে। আবেলি মহিলাৰ থিয়নাম পৰিৱেশন আৰু সন্ধিয়া সমূহীয়াভাৱে বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী মুকলি কৰে সমাজকৰ্মী মহাদেৱ কলিতাই। নিশাৰ ভাগত নিমন্ত্ৰিত নামদলৰ দ্বাৰা নাম পৰিৱেশনেৰে কাৰ্যসূচীৰ অন্ত পৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা