বঙাইগাঁৱত বিজেপিৰ আইদেউৰ বুলনি- দিহা নাম প্ৰতিযোগিতা

বঙাইগাঁৱত বিজেপিৰ আইদেউৰ বুলনি- দিহা নাম প্ৰতিযোগিতা 

অপৰাজিতা নামতি দলৰ প্ৰথমস্থান লাভ 

বঙাইগাঁওঃ ২ ফেব্ৰুৱাৰীঃ ভাৰতীয় জনতা পাৰ্টীৰ বঙাইগাঁও টাউন ( উত্তৰ, দক্ষিণ) ,ডাংতল আৰু বিদ্যাপুৰ মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত আৰু বঙাইগাঁও জিলা মহিলা মৰ্চাৰ সহযোগত আজি বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেল পথাৰত 'আইদেউৰ বুলনি 'শীৰ্ষক মহিলাৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি 'দিহা নাম' প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷  এই দিহা নাম প্ৰতিযোগিতাত বঙাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত মুঠ ১৬ টা নামতি দলে অংশগ্ৰহণ কৰে ৷ দিহা নাম প্ৰতিযোগিতাত বৰপাৰাৰ অপৰাজিতা নামতি দলে প্ৰথমস্থান , বঙাইগাঁৱৰ নমিতা দাসৰ দলে দ্বিতীয়স্থান আৰু বৰপাৰা নামঘৰ দলে তৃতীয়স্থান লাভ কৰে ৷ প্ৰতিযোগিতাৰ শেষত তিনিওটা দলকে নগদ ধনেৰে সন্মানীত কৰা হয় ৷ প্ৰথমস্থান লাভ কৰা নামতি দলক নগদ দহ হেজাৰ টকা, দ্বিতীয়স্থান লাভ কৰা নামতি দলক নগদ সাত হেজাৰ টকা আৰু তৃতীয়স্থান লাভ কৰা দলক নগদ পাঁচ হেজাৰ টকা পুৰস্কাৰ হিচাপে আগবঢ়ায় ৷ এই অনুষ্ঠানত বিজেপিৰ বঙাইগাঁও জিলা সমিতিৰ সভানেত্ৰী হিমানী অধিকাৰী, টাউন মণ্ডল দক্ষিণৰ সভানেত্ৰী পূৰ্ণিমা দাস, টাউন মণ্ডল উত্তৰৰ সভাপতি প্ৰদীপ ঘোষ, বিজেপিৰ ডাংতল মণ্ডলৰ সভাপতি আৰু সাধাৰণ সম্পাদক ভূৱন দাস আৰু গজেন বৰ্মন, বিদ্যাপুৰ মণ্ডলৰ সভাপতি লংকেশ্বৰ ৰায়, বইটামাৰী জিলা পৰিষদৰ সদস্য জ্যোতিৰ্ময় সৰকাৰ, ঢালিগাঁও পঞ্চায়তৰ সভাপতি মাখন ঘোষ, বিজেপিৰ মহিলা মৰ্চাৰ জিলা সমিতিৰ সভানেত্ৰী সৰজু দেৱী, ডাংতল মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী চম্পা দে, বিজেপি নেত্ৰী দিপ্তী পাঠক, গংগা ৰাণী বৰুৱাৰ লগতে বিজেপিৰ যুৱ নেতা নীলৰতন ঘোষ আদি উপস্থিত থাকে ৷ অনুষ্ঠানটো জিলা বিজোপিৰ প্ৰাক্তন সভাপতি সুকেন ৰায়, প্ৰাক্তন কোষাধ্যক্ষ মদন লাল আগৰৱালাকে ধৰি বিভিন্নজনৰ সক্ৰিয় কাৰ্যকৰ্তাৰ উপস্থিতিত সফলভাৱে সম্পন্ন হয় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা