আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা, নলবাৰীৰ বহু বিদ্যালয়ত সংস্কৃত, হিন্দী আৰু আৰৱী বিষয় শিক্ষক নাই- পাঠগ্ৰহণ অবিহনে পৰীক্ষাগৃহত পৰীক্ষাৰ্থী


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১০ ফেব্ৰুৱাৰী*


ৰাজ্যখনৰ আন বিভিন্ন ঠাইৰ লগতে নলবাৰী জিলাতো আজিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে ৷ নলবাৰী জিলাৰ একাংশ বিদ্যালয়ত সংস্কৃত, হিন্দী আৰু আৰৱী বিষয়ৰ শিক্ষক নোহোৱাকৈয়ে আৰু পাঠগ্ৰহণ নকৰাকৈয়ে শ শ ছাত্ৰ-ছাত্ৰী এই পৰীক্ষাত বহিবলগা কাৰ্যত বিপাঙত পৰিছে বিদ্যালয়ৰ মুৰব্বী, অভিভাৱক-অভিভাৱিকা আৰু ছাত্ৰ-ছাত্ৰীসকল ৷ উল্লেখযোগ্য যে নলবাৰী জিলাৰ মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়(বানেকুছি)ৰ অধ্যক্ষ নৱ কুমাৰ শৰ্মাই জানিবলৈ দিয়ামতে এই বিদ্যালয়খনত সংস্কৃত আৰু আৰৱী বিষয়ৰ শিক্ষকে কেইবাবছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিছে ৷ ইপিনে ১৯১৩ চনত প্ৰতিষ্ঠিত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰৱী শিক্ষক পদৰ লগতে ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়কে আদি কৰি জিলাখনৰ বহু বিদ্যালয়ত আজিকোপতি সংস্কৃত, হিন্দী আৰু আৰৱী বিষয়ৰ শিক্ষকৰ পদ একাংশ খালী হৈ থকাৰ বাবে শ শ ছাত্ৰ-ছাত্ৰীয়ে আজি অনুষ্ঠিত হোৱা পৰীক্ষাত অৱতীৰ্ণ হৈছে ৷ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগক পদসমূহ পূৰণৰ ব্যৱস্থা কৰিবলৈ এনে অঞ্চলসমূহৰ সচেতন ৰাইজে দাবী জনাইছে ৷


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা