লংকেশ্বৰ গোঁহাই ৰাজ্যিক প্ৰাইজমনি দিবা নৈশ ভলীবল প্ৰতিযোগিতাত অসম আৰক্ষীৰ জয়

লংকেশ্বৰ গোঁহাই ৰাজ্যিক প্ৰাইজমনি দিবা নৈশ ভলীবল প্ৰতিযোগিতাত অসম আৰক্ষীৰ জয়


চাবুৱাঃ ১০ ফেব্ৰুৱাৰীঃ অষ্টম বাৰ্ষিক ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ৰাজ্যিক পয্যায়ৰ আমন্ত্ৰণমূলক দিবা-নৈশ প্ৰাইজমনি ভলীবল প্ৰতিযোগিতাৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলত অসম আৰক্ষী ভলীবল দলে সৰভোগ ভলীবল দলক দুই- এক চেটৰ ব্যৱধানত পৰাস্ত কৰে। সৰভোগ দলৰ চাৰি নং জাৰ্চীৰ হিতেশ ৰয়ৰ আপ্ৰাণ চেষ্টাও দলটোক উদ্ধাৰ কৰিব নোৱাৰিলে। আজি চূড়ান্ত খেলখনৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিচালকে হিতেশ ৰয়কে নিৰ্বাচিত কৰে। নতুন ৰঙাগড়া মধ্য ইংৰাজী বিদ্যালয়ৰ খেল পাথাৰত অসম ভলীবল সন্থাৰ তত্বৱধানত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত নুতন ৰঙাগড়া আঞ্চলিক মিলন সংঘৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত ভলীবল প্ৰতিযোগিতাখনিত অসমৰ আগশাৰীৰ বচা বচা তেৰটি দলে অংশগ্ৰহণ কৰে। চূড়ান্ত খেলখন পৰিচালনা কৰে পৰিচালক চিত্ৰ বৰা, বাস্তৱ গগৈ, গৌৰৱ বৰুৱা, ৰাজেশ মৰাণ, কেশৱ বৰা, ধ্ৰুৱজ্যোতি বৰুৱা, চিত্ৰত্ৰৰঞ্জণ গগৈ  আৰু কেশৱ চেতিয়াই। আজি চূড়ান্ত খেলখনিত আগমহূত্বত তিনিচুকীয়া জিলাৰ উপায়ুক্ত ভাস্কৰ পেগুক উদ্যোক্তা সমিতিয়ে মটক জনগোষ্ঠীয় গামোচা, চেলেং চাদৰ, ফুলৰ থোপা আৰু এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি উপায়ুক্ত গৰাকীয়ে খেলুৱৈ দলৰ লগতে উদ্যোক্তা সমিতিৰ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰে। উক্ত অনুষ্ঠানতে মৃদুপৱন চেতিয়াৰ সম্পাদনাত প্ৰকাশিত স্মৰণিকা ক্ৰীড়ানুৰাগ উন্মোচন কৰে মটক জনগোষ্ঠীয় বিশিষ্ট লেখক ফটিক চন্দ্ৰ নেওগে। অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ মহাপ্ৰৱন্ধক দিলীপ কুমাৰ ভূঞাক চেলেং চাদৰ, জনগোষ্ঠীয় গামোচা, ফুলৰ থোপা আৰু এখনি সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা কল্যান বড়া, সভাপতি তুষাৰ ৰঞ্জন চেতিয়া, সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা, সহকাৰী সম্পাদক দিগন্ত দত্ত, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ সহকাৰী সম্পাদক দেৱঋষি চেতিয়া, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ-সভাপতি লক্ষ্যজ্যোতি গগৈ, চাবুৱা ক্ৰীড়া সন্থাৰ সভাপতি মৃদুল ৰাজখোৱা, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উপ-সভাপতি নিযুত বৰা, তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সত্যজিত বৰগোঁহাই, তিনিচুকীয়া জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক পাপু দত্ত, এ.জে.ৱাই পিৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল নেওগ, তিনিচুকীয়া জিলাৰ উপ আৰক্ষী অধীক্ষক বিতুল চেতিয়া, অইল ইণ্ডিয়া লিমিটেডৰ মংসা চৌধুৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত নতুন ৰঙাগড়া মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল চেতিয়া, ডিব্ৰুগড় জিলা মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি সত্য গোঁহাই, সাধাৰণ সম্পাদক উমা গগৈ, পানীতোলা স্পৰ্টচ একােডিমৰ সভাপতি মৃদুপৱন চেতিয়া আৰু মটক যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি কৃষ্ণ কান্ত কাকতিও উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা