অসম আন্দোলনৰ কৰ্মী,'মানুহৰ পৃথিৱী'ৰ কবি নৰেন হাজৰিকাৰ মৃত্যু

অসম আন্দোলনৰ কৰ্মী,'মানুহৰ পৃথিৱী'ৰ কবি নৰেন হাজৰিকাৰ মৃত্যু৷
#শোকস্তব্দ্ধ জামুগুৰিহাট
 


ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৭ ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,'মানুহৰ পৃথিৱী'ৰ কবি নৰেন হাজৰিকা আৰু নাই।বিগত কিছুদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা আজীৱন সমাজসেৱী,সমাজহিতৈষী ব্যক্তি গৰাকীৰ কালি সন্ধিয়া জামুগুৰিহাটৰ কমাৰচুকৰ নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে।মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল ৭৮ বছৰ।অসমৰ ভাষা আন্দোলন,মাধ্যম আন্দোলন,অস্তিত্ব ৰক্ষাৰ আন্দোলন সকলোতে আগভাগ লোৱা সৰ্বজনপ্ৰিয় সমাজ হিতৈষী ব্যক্তি গৰাকীৰ কালি সন্ধিয়া মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই অগনন গুণমুগ্ধৰে তেওঁৰ জামুগুৰিহাটৰ কমাৰচুক গাৱঁৰ বাসভৱন ভৰি পৰে।আজি পুৱা সমাজ হিতৈষী নৰেন্দ্ৰ হাজৰিকাৰ বাসভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত ওপজা গাঁৱৰ গাওঁ উন্নয়ন কমিটি,মহিলা সমিতি আৰু প্ৰাথমিক সমাজ,তেখেতৰ কৰ্মস্থলী মধ্য জামুগুৰি মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়,বাপুজী ভৱন নাট্য সমাজ, জামুগুৰি সাহিত্য সভা,সদৌ জামুগুৰি ছাত্ৰ সন্থা, নদুৱাৰ জাতীয় বিদ্যালয়,পশ্চিম জামুগুৰি সাহিত্য সভা,পশ্চিম জামুগুৰি কলা পৰিষদ,সঞ্জীৱনী নাট্য সমাজ,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ,বাৰেচহৰীয়া ভাঁওনা কমিটি,জামুগুৰি সাহিত্য সন্মিলনি,মিলন সংগীত চৰ্চা কেন্দ্ৰ, ইলেকট্ৰনিক মিডিয়া ফ’ৰাম,জামুগুৰি প্ৰেছ ক্লাৱ,শ্ৰীমন্ত শংকৰদেৱ সংঘ,জামুগুৰি আদৰ্শ উচ্চ ইংৰাজী বিদ্যালয়,জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়,জামুগুৰি কবি সন্মিলন,পশ্চিম জামুগুৰি বহাগী মেলা,মধ্য চিলাবন্ধা গাঁও পঞ্চায়ত,জ্যোতি সংঘ,কোঁচগাওঁ উন্নয়ন সমিতিকে আদি কৰি বিভিন্ন ব্যক্তি আৰু সংগঠনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷উল্লেখ্য যে সদৌ অসম ছাত্র সন্থা গঠনৰ আগতেই সদৌ জামুগুৰি ছাত্র সন্থা গঠন কৰি সম্পাদকৰ দায়িত্ব লৈ নৰেন্দ্ৰ হাজৰিকাৰ দৰে ব্যক্তিৰ নেতৃত্বতেই জিলা ছাত্ৰ সন্থা গঠনৰ প্রস্তুতি চলাইছিল তদানীন্তন একাংশ ছাত্ৰই৷পৰৱৰ্ত্তী সময়ত জামুগুৰিহাটৰ মধ্য জামুগুৰি মধ্য আৰু উচ্চ মাধ্যমিক উভয় বিদ্যালয় স্থাপনৰ নেপথ্যত আছিল তেওঁ আৰু পিছলৈ মধ্য জামুগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰি সেই বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।সুন্দৰ বক্তৃতাৰে ঘন্টাৰ পাছত ঘন্টা ধৰি মন্ত্রমুগ্ধ কৰিছিল তেওঁৰ কন্ঠই |'মানুহৰ পৃথিৱী'ৰ কাব্য গ্ৰন্থৰ স্ৰষ্টা,ভালেমান আলোচনীৰ সম্পাদনা কৰাৰ লগতে বহু নিবন্ধৰ লেখক সাহিত্যিক,গুণী শিক্ষক গৰাকী শোণিতপুৰ জিলা সাহিত্য সভাৰ গোপালপুৰ অধিবেশনৰ সভাপতিৰুপে নিৰ্বাচিত হৈয়ো দক্ষতাৰ পৰিচয় দিছিল৷শ্রীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ,বাৰেচহৰীয়া ভাওনা,বাপুজী ভৱন নাট্য সমাজ,সঞ্জীৱনী নাট্য সমাজ,পশ্চিম জামুগুৰি বহাগী মেলা গাঁও উন্নয়ন সমিতি,জামুগুৰি সাহিত্য সভা,পশ্চিম জামুগুৰি সাহিত্য সভা ক'ত নাছিল তেওঁ৷এটা সময়ত তেওঁ জামুগুৰিহাটৰ লাচিত সদৃশ আছিল৷নতুন প্রজন্মক আগবঢ়াই নিবলৈ তেওঁ সদায়েই প্ৰেৰণা যোগায় গৈছিল৷এখন বিদ্যালয়ৰ প্রধান হৈ দহখন বিদ্যালয়ৰ লেঠা মাৰি তেওঁ বৌদ্ধিক সমন্বয়ৰ সেঁতু বান্ধিবলৈ প্ৰয়াস কৰিছিল৷জ্যেষ্ঠৰ পৰা কনিষ্ঠ জনলৈ সকলোৰে হৃদয় জয় কৰা,সকলোৰে প্ৰিয় শিক্ষাগুৰু গৰাকীৰ
যোৱা কালি  সন্ধিয়া নিৰবে আতৰি যোৱাত একপ্ৰকাৰে শোকস্তদ্ধ হৈ পৰে জামুগুৰিহাট৷দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈও জীৱনৰ বিয়লি বেলাতো অদম্য মানসিক শক্তিৰ অধিকাৰী ব্যক্তিজনে সভাই সমিতিয়ে কেৱল সাহিত্য সমাজ সংস্কৃতিৰ কামতেই লাগি গৈছিল নৰেন্দ্ৰ হাজৰিকা।সমাজ হিতৈষী ব্যক্তি গৰাকীয়ে মৃত্যুৰ সময়ত পত্নী আৰু এজন পুত্ৰ আৰু এগৰাকী কন্যাক এৰি থৈ যায়।নৰেন্দ্ৰ হাজৰিকাৰ মৃত্যুত কেৱল জামুগুৰিহাটেই নহয় বৰঞ্চ অবিভক্ত শোণিতপুৰ জিলাবাসীয়ে এজন গুণী ব্যক্তিক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছে।
 
জোন বৰা,জামুগুৰিহাট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা