গোলাঘাটত ভূমিহীন আৰু বানপীড়িত হিতাধিকাৰীক আৰ্থিক অনুদান প্ৰদান

 গোলাঘাট,৫ ফেব্ৰুৱাৰী :  আজি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত ভূমিহীন হিতাধিকাৰীলৈ ভূমিপট্টা , আৱন্টন পত্ৰ আৰু বানপানীত ক্ষতিগ্ৰস্ত হিতাধিকাৰীক আৰ্থিক অনুদান প্ৰদান সমাৰোহ অনুষ্ঠিত হ'য়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আহ্বান কৰা সমাৰোহখনিত  গোলাঘাটৰ নৱনিযুক্ত জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোদী ডাঙৰীয়াৰ তত্বাৱধানত অনুষ্ঠিত হ'য়।  মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা, বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে খুমটাই বিধান সভা সমষ্টিৰ বিধায়ক মৃনাল শইকীয়া । ভূমিপট্টা আৰু আৱন্টন পত্ৰ প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই। জিলাখনৰ মুঠ ২৬১৬ লোকক ভূমিপট্টা প্ৰদান কৰাৰ লগতে গোলাঘাট ৰাজহচক্ৰৰ অধীনত বানাপানীত আক্ৰান্ত মুঠ ১০ জন হিতাধিকাৰীলৈ আৰ্থিক অনুদান আগবঢ়ায়।

Comments