নলবাৰীত ড্ৰাগছৰ বিৰুদ্ধে পুনৰ আৰক্ষীৰ অভিযান

*নলবাৰীত ড্ৰাগছৰ বিৰুদ্ধে পুনৰ আৰক্ষীৰ অভিযান*
 *কাৰ্টুনে কাৰ্টুনে উদ্ধাৰ কৰেক্সৰ বটল*


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১ মাৰ্চ*




ক্ৰমান্বয়ে ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা নলবাৰীত যোৱা নিশা নলবাৰী আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বহু পৰিমানৰ নিচাসক্ত কৰেক্সৰ বটল । বৃহস্পতিবাৰে নিশা কলিতাকুছিৰ পৰা নলবাৰীলৈ লৈ অহা মুহুৰ্তত চহৰখনৰ কলেজ ৰোডত ১৩ গ্ৰাম ব্ৰাউন চুগাৰসহ দীপাংকৰ মেধি আৰু দ্বীপজ্যোতি মেধিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ২৪ ঘন্টা পিছত পুনৰ অভিযান চলাই মোজাম্মিল আলী নামৰ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে সৰবৰাহকাৰীজনৰ গৃহৰ পৰা আৰক্ষীয়ে কাৰ্টুনে কাৰ্টুনে নিচাসক্ত কৰেক্সৰ বটল জব্দ কৰিবলৈ সক্ষম হয় । লক্ষণীয়ভাবে কালি নিশাৰ ভাগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মোজাম্মিল আলী চুৰি ডকাইতিকে ধৰি বিভিন্ন অসামাজিক কাৰ্যত জড়িত বুলিও আৰক্ষীৰ আগত নিজ মুখে স্বীকাৰ কৰিছে । ইফালে ধৃত মোজাম্মিল আলীয়ে অবৈধভাবে ড্ৰাগছসমুহ ক্ৰয় কৰে আদাবাৰীৰ মন্টু কলিতা নামৰ আন এজন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা । ইতিমধ্যে মোজাম্মিল আলী নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীজনে দিয়া স্বীকাৰোক্তিমতে তেওঁৰ পৰা পশ্চিম নলবাৰীৰ দেব শৰ্মা নামৰ এজন লোকে ক্ৰয় কৰি বৃহত্তৰ অঞ্চলটো ড্ৰাগছৰ ঘাটিত পৰিণত কৰি পেলাইছে । ইফালে পশ্চিম নলবাৰীৰ  সৰস্বতী ফাৰ্মাচী আৰু মনসা ফাৰ্মাচীতো প্ৰায়েই এই অবৈধ ড্ৰাগছ যোগান ধৰি অহা বুলি ধৃত যুৱক জনে অকপতে স্বীকাৰ কৰিছে । আৰক্ষীয়ে কালি নিশাৰ ভাগতে পুখুৰাৰ পাম এখনত লুকুৱাই ৰখা অবস্থাত এই কৰেক্সৰ বটল সমুহ জব্দ কৰিবলৈ সক্ষম হয়  ৷


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা