জামুগুৰিহাটৰ চৰ-চাপৰিৰ ২ শতাধিক লোকক উচ্ছেদ

#জামুগুৰিহাটৰ চৰ চাপৰিত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান৷
#জেচিবিৰে ভাঙিলে দুই শতাধিক পৰিয়ালৰ বাসগৃহ৷
#চৰ চাপৰিত পুণৰ বেদখল কৰিলে কঠোৰ আইনগত ব্যৱস্থা লোৱা হ’ব৷

ফাষ্ট নিউজ,জামুগুৰিহাট,১০ জানুৱাৰী : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দক্ষিণ পশ্চিম অঞ্চলৰ চৰ চাপৰিৰ চৰকাৰী মাটি অবৈধভাৱে বে-দখল কৰি বসতি স্থাপন কৰা প্ৰায় ২ শতাধিক পৰিয়ালৰ বাসগৃহত আজি উচ্ছেদ অভিযান চলাই শোণিতপুৰ জিলা প্ৰশাসনে৷শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক নোমল মাহাতুৰ নেতৃত্বত যোৱা প্ৰশাসনৰ লোকে দিনৰ ১১ বজাৰপৰা চৰ চাপৰি অঞ্চলত এই অভিযান চলাই৷প্ৰায় ৬ শতাধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক লগত লৈ চলোৱা এই উচ্ছেদ অভিযানত ৪ খনকৈ জেচিবি আৰু ৭ খনকৈ ট্ৰেক্টৰো ব্যৱহাৰ কৰা হয়৷প্ৰথমেই চৰ চাপৰিৰ মকুৱা চাপৰিত অভিযানকাৰী দলে শতাধিক ঘৰ উচ্ছেদ চলোৱাৰ পিছত চিৰুৱানী আৰু বিহিয়া চাপৰিত এই অভিযান চলাই৷অৱশ্যে অভিযানৰ আগতীয়া উমান পাই একাংশ বেদখলকাৰী পুৱাৰ ভাগতেই নিজৰ নিজৰ বাসগৃহ এৰি আচবাব সমুহ লৈ সেই স্থান ত্যাগ কৰে যদিও আন একাংশ লোক সেই স্থানতে খোপনি পুতি থকাত প্ৰশাসনৰ লোকে জেচিবিৰ সহায়ত সেইসকল অবৈধ বেদখলকাৰীৰ বাসগৃহ ভাঙি চুৰমাৰ কৰে৷জামুগুৰিহাটৰ চৰ চাপৰি অঞ্চলৰ লালেটাপু,গটাইমাৰি,ভৰলী চাপৰি,ননকে গটাইমাৰিকে ধৰি কেবাটাও স্থানত চৰকাৰী মাটি বেদখল কৰি থকা ৫ শ পৰিয়ালক যোৱা ৬ ডিচেম্বৰত শোণিতপুৰ জিলা উপায়ুক্তৰ উপস্থিতিত প্ৰশাসনৰ লোকে উচ্ছেদ চলোৱাৰ পিছত উচ্ছেদিত লোকসকলৰ একাংশই সেই স্থান ত্যাগ পৰাৰ বিপৰীতে আন একাংশই সেই অঞ্চলৰ মকুৱা চাপৰি,চিৰুৱানী আৰু বিহিয়া চাপৰিত জুপুৰি সদৃশ বাসগৃহ সাঁজি পুণৰ খোপনি পুতিবলৈ লৈছিল৷এই খোপনি পুতিবলৈ লোৱা বেদখলকাৰী সকলক জিলা প্ৰশাসনৰ ফালৰপৰা বাৰম্বাৰ সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও বেদখলকাৰীসকলে প্ৰশাসনৰ নিৰ্দেশক ভেঙুচালী কৰাৰ ফলতেই আজি পুণৰ দ্বিতীয়বাৰৰবাবে এই উচ্ছেদ অভিযান চলাবলৈ বাধ্য হয় শোণিতপুৰ জিলা প্ৰশাসন৷মনকৰিবলগীযা যে চতিয়া সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলৰ চৰকাৰী মাটি অবৈধভাৱে বেদখল কৰা এই লোকসকলক এক ইঞ্চি মাটিও এৰি নিদিও বুলি কোৱাৰ উপৰিও সমষ্টিত কোনো কাৰণতেই থাকিবলৈ দিয়া নহ’ব বুলি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই হুংকাৰ প্ৰদান কৰিছিল৷অন্যহাতে দ্বিতীয়বাৰৰ বাবে উচ্ছেদ চলোৱাৰ পিছত পুণৰ যদি চৰ চাপৰিৰ চৰকাৰী ভূমিত এইসকল বেদখলকাৰী লোকে পুণৰবাৰ বেদখল কৰাৰ চেষ্টা চলাই তেন্তে আইনগত ব্যৱস্থা লোৱা হ’ব বুলি সকিয়াই দিয়ে শোণিতপুৰ জিলা প্ৰশাসনৰ অতিৰিক্ত আৰক্ষী অধিক্ষক নোমল মাহাতুয়ে৷জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা