নলবাৰীৰ মহিনা-শান্তিপুৰত দৌল উৎসৱৰ আয়োজন

নলবাৰীৰ মহিনা-শান্তিপুৰত দৌল উৎসৱৰ আয়োজন


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৭ ফেব্ৰুৱাৰী*



নলবাৰী আৰু বাগ্ সা জিলাৰ সীমান্তত মহিনা-শান্তিপুৰত দৌল উৎসৱ অনুষ্ঠিত কৰাৰ বাবে আয়োজন চলিছে ৷ বসন্ত পুখুৰীপাৰ দৌল মন্দিৰ প্ৰাঙ্গণত অহা ৮ মাৰ্চৰ পৰা ১২ মাৰ্চলৈ এই দৌল উৎসৱ অনুষ্ঠিত হ'ব বুলি মন্দিৰ সমিতিৰ স্থায়ী সভাপতি শ্ৰীকান্ত বৈশ্য আৰু সম্পাদক সত্যৰাম বৈশ্যই জনাইছে ৷ ইতিমধ্যে দৌল উৎসৱ পৰিচালনা কৰাৰ বাবে ভূৱনেশ্বৰ কলিতা(ধন)ক সভাপতি, বিপুল বৈশ্যক সম্পাদক, মানিক বৈশ্য আৰু যোগেশ্বৰ বৈশ্যক উপ-সভাপতি, নিতুল বৈশ্য আৰু সৌৰভ বৈশ্যক সহকাৰী সম্পাদকৰূপে লৈ এখন উদযাপন সমিতি গঠন কৰা বুলি প্ৰচাৰ সম্পাদক ৰাতুল বৈশ্যই জানিবলৈ দিয়ে ৷ কাৰ্যসূচীৰ আৰম্ভণিতে ৮ মাৰ্চত বহ্নি উৎসৱ, আতচবাজী, যাত্ৰাপাৰ্টি, নিশা শিল্পী নাগাৰা নামৰ পাঠক কৈলাশ তালুকদাৰ আৰু ভৱেন মেধিৰ দ্বাৰা নাম পৰিৱেশন হ'ব ৷ পাছৰ কাৰ্যসূচীত মহিলা শিল্পী নাগাৰা নামৰ পাঠিকা কুসুম দেৱীৰ দ্বাৰা নাম পৰিৱেশন, ৰৌমাৰীৰ শঙ্কৰজ্যোতি নাট্য সমাজৰ ঢুলীয়া ভয়নুৰ আলীৰ দ্বাৰা ঢুলীয়া প্ৰদৰ্শন হ'ব বুলি উদযাপন সমিতিৰ সভাপতি ভূৱনেশ্বৰ কলিতাই জনাইছে ৷ অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে শ্ৰদ্ধাৰে কামনা কৰিছে ৷


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা