নলবাৰীৰ বাঁহজানীত প্ৰাক্তন মন্ত্ৰী নগেন শৰ্মাৰ ২০ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন

নলবাৰীৰ বাঁহজানীত প্ৰাক্তন মন্ত্ৰী নগেন শৰ্মাৰ ২০ সংখ্যক মৃত্যু
বাৰ্ষিকী উদযাপন


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৮ ফেব্ৰুৱাৰী*


নলবাৰী জিলাৰ বাঁহজানীস্থিত দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মন্ত্ৰী দেশপ্ৰাণ নগেন শৰ্মাৰ বৃহস্পতিবাৰে ২০ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। দক্ষিণ নলবাৰী মহাবিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত ৰাতিপুৱা ৭-৩০ বজাত প্ৰয়াত নগেন শৰ্মাৰ আৱক্ষ মূৰ্ত্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক প্ৰকাশ ডেকাই। শ্বহীদ স্তম্ভত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে বৃহত্তৰ বাঁহজানী নাগৰিক মঞ্চৰ সভাপতি  কুশল কুমাৰ মজুমদাৰে। ইয়াৰ পিচতে ৮ বজাত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ থানেশ্বৰ শৰ্মা, উক্ত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰাধানাথ কলিতা, দক্ষিণ নলবাৰী মহাবিদ্যালয় (জ্যেষ্ঠ শাখা) পৰিচালনা সমিতিৰ উপ-সভাপতি নৰেন্দ্ৰ নাথ শৰ্মা, শিক্ষক কুশল কুমাৰ মজুমদাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি আটায়ে প্ৰয়াত মন্ত্ৰী নগেন শৰ্মাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি নগেন শৰ্মা এগৰাকী বাকপটু আৰু কৰ্মদক্ষ ৰাজনীতিবিদ আছিল বুলি কয়। ইফালে এই অনুষ্ঠানটোৰ পূৰ্বে মন্ত্ৰীগৰাকীৰ হত্যাস্থলীতো অগপৰ ৯ নং মধ্যবাঁহজানী আঞ্চলিক সমিতিয়ে বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে।অনুষ্ঠানটোত অংশ গ্ৰহন কৰে মধ্যবাঁহজানী অগপ আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি গোপাল তালুকদাৰ, অগপৰ নলবাৰী জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য জিতেন্দ্ৰ নাথ ডেকা, মধ্যবাঁহজানী অগপ আঞ্চলিক সমিতিৰ সম্পাদক চন্দ্ৰ ডেকাকে ধৰি কেইবাগৰাকীও কৰ্মীয়ে।উল্লেখ্য যে বিগত ২০০০ চনৰ আজিৰ দিনটোতে দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ এখন ৰাজহুৱা সভালৈ গৈ থাকোতে মহাবিদ্যালয়খনৰ সমীপতে আলফাৰ বোমা বিস্ফোৰণত নিহত হৈছিল নগেন শৰ্মা।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা