শিৱসাগৰ আৰক্ষীৰ জালত হানি ট্ৰেপিং চক্ৰ

শিৱসাগৰ আৰক্ষীৰ জালত হানি ট্ৰেপিং চক্ৰ 

ফাৰ্ষ্ট নিউজ  শিৱসাগৰ , ৮ ফেব্ৰুৱাৰী  টীয়ক চাহবাগিছাৰ মেনেজাৰ তথা এম'ৱে এজেন্ট হীৰেন বৰাক জালত পেলাবলৈ গৈ নিজে জালত সোমাল তিনি দুৰ্বৃত্ত

জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ ফুকনৰ নেতৃত্বত আৰক্ষীৰ দল এটাই গ্ৰেপ্তাৰ কৰে হানি ট্ৰেপিং চক্ৰটোক

চক্ৰটোৰ দুগৰাকী পুৰুষ আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ আৰক্ষীৰ

যোৰহাট জিলাৰ টীয়ক চাহবাগিছাৰ মেনেজাৰ হীৰেন বৰাৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ চক্ৰটোক

আৰক্ষীৰ জালত চৰিফুল আলী ( কোঁৱৰপুৰ, শেনছোৱা গাঁও) , নাছিম আলী ওৰফে মামুন (চিন্তামনি গড়,গৌৰীসাগৰ) আৰু মাৰ্জিনা বেগম ( ৰংঘৰ চাৰিআলি) ৷

তিনিও দুৰ্বৃত্তই দীৰ্ঘদিনে বিভিন্ন পুৰুষক জালত পেলাই ব্লেকমেইলিঙৰে ধন সৰকাই অহাৰ লগতে শেহতীয়াভাবে টীয়ক চাহবাগিচাৰ মেনেজাৰ হীৰেন বৰাক জালত পেলাইছিল

৩ ফেব্ৰুৱাৰীত তলাতল ঘৰলৈ মাতি আনি প্ৰৱন্ধক হীৰেন বৰাক জালত পেলাইছিল হানি ট্ৰেপিং চক্ৰটোৱে 

মেনেজাৰ গৰাকীৰ এজাহাৰৰ ভিত্তিতে শিৱসাগৰ আৰক্ষীয়ে ১৬১/ ২০২০ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ ( B)/ ৪২০ / ৩৮৪ ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে হানিট্ৰেপিঙত জড়িত তিনি দুৰ্বৃত্তক

উল্লেখ্য যে হানিট্ৰেপিঙত জড়িত ধৃত চৰিফুল আলী দীৰ্ঘদিনে এই দুষ্কাৰ্যত জড়িত হৈ আহিছে ৷ ইয়াৰ পূৰ্বেও চৰিফুল আলীৰ বিৰোদ্ধে শিৱসাগৰ সদৰ থানাত ৭৭০/ ১৭ নম্বৰত হানি ট্ৰেপিঙৰ এক গোচৰ ৰুজু হৈছিল ৷ কিন্তু শিৱসাগৰ আৰক্ষীয়ে ৰহস্যজনক কাৰণত গোচৰটোৰ সম্পৰ্কত চৰিফুলৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিছিল ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা