নলবাৰীৰ বৰতলাত পোষণ অভিযান- সুস্থ মানসিকতাই সুস্থ সমাজ গঢ়ে- ডিম্বেশ্বৰ মহন্ত

নলবাৰীৰ বৰতলাত পোষণ অভিযান- সুস্থ মানসিকতাই সুস্থ সমাজ গঢ়ে- ডিম্বেশ্বৰ মহন্ত


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১০ ফেব্ৰুৱাৰী*

"শিক্ষা অবিহনে সুস্থ-সবল সমাজ ব্যৱস্থা সম্ভৱ নহয় ৷ সেয়েহে সমাজৰ প্ৰতিগৰাকী পুৰুষ-মহিলাই সুস্থ মানসিকতাৰে নিজৰ নিজৰ ঘৰখনক গঢ় দিব পাৰিলেহে এখন সুস্থ সমাজ আৰু সমাজত সুস্থ নাগৰিকৰ জন্ম লাভ কৰিব ৷"- আজি নলবাৰী জিলাৰ বৰতলা ১নং অংগনৱাড়ী কেন্দ্ৰত মুক্তাৰাম বৰ্মনৰ পৌৰাহিত্যত বহা সভাত নিৰ্দিষ্ট বক্তা হিচাপে বৰক্ষেত্ৰী সংহত শিশু উন্নয়ন বিষয়া ডিম্বেশ্বৰ মহন্তই এইদৰে কয় ৷ সভাত বক্তাগৰাকীয়ে পুষ্টিকৰ খাদ্যৰ ওপৰতো উপস্থিতসকলৰ মাজত সজাগতা বৃদ্ধি কৰে ৷ সভাত  ১২নং চক্ৰৰ  মুখ্যসেৱিকা মঞ্জুলা পাঠক, পোষণ অভিযানৰ বৰক্ষেত্ৰীৰ ব্লক সমন্বয়ক দ্বীপ দাস, কাৰ্যালয়ৰ কৰ্মচাৰী বুবুল শৰ্মা, সমাজকৰ্মী উপেন্দ্ৰ নাথ চৌধুৰী, আশাকৰ্মী সংগীতা বৰ্মন, নমিতা বৰ্মন আদি কেইবাগৰাকীও উপস্থিত থাকে ৷ সভাত প্ৰকল্প বিষয়াগৰাকীয়ে মাতৃসকলক উদ্দেশ্যি পোষণ সম্পৰ্কে সম্যক জ্ঞান দি বিজ্ঞানসন্মতভাৱে নিজৰ সন্তানৰ দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনায় ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা