ৰঙিয়াৰ স্বস্তি হাস্পতালত প্ৰসৱ কৰোৱা নৱজাতকৰ প্ৰতীক্ষা হাস্পতালত মৃত্যুৰ ঘটনাক লৈ চিকিৎসকৰ সংবাদমেল

ৰঙিয়াৰ স্বস্তি হাস্পতালত প্ৰসৱ কৰোৱা নৱজাতকৰ প্ৰতীক্ষা হাস্পতালত মৃত্যুৰ ঘটনাক লৈ চিকিৎসকৰ সংবাদমেল 

প্ৰতিবেদক, ৰঙিয়া, ৯ ফেব্ৰুৱাৰীঃ 
কিদৰে মৃত্যু হৈছিল ৰঙিয়াৰ স্বস্তি হাস্পতালত প্ৰসৱ কৰোৱাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতালত নিয়া নৱজাতকৰ? আজি এই সন্দৰ্ভত সমগ্ৰ ঘটনা  বিৱৰি ক'লে এক সংবাদমেলৰ আয়োজন কৰি ৰঙিয়াৰ স্বস্তি হাস্পতালৰ চিকিৎসালয় স্বত্বাধিকাৰী তথা অভিজ্ঞ চিকিৎসক ডাঃহিতেন্দ্ৰ কলিতাই। গৰ্ভৱতী মহিলা গৰাকী প্ৰথম ছয়-সাত মাহ ভালে আগবাঢ়ি আছিল। যাৱতীয় পৰীক্ষা গোটেই খিনি কৰা হৈছিল। সাতমাহৰ পিছত লাহে লাহে মহিলা গৰাকীৰ অকণমান হাইপ্ৰেছাৰ দেখা গৈছিল। পিছৰফালে অকমান কমিছে আৰু সেই মৰ্মে আমি আলোচনা মাধ্যমৰে প্ৰসূতি গৰাকীক তাৰিখতকৈ প্ৰায় দুসপ্তাহ আগতে হস্পিতালত ভৰ্তি কৰাওঁ। আগদিনা গধূলি সাত বজাত ভৰ্তি কৰোৱাৰ পিছত পিছদিনা দূপৰীয়া এক মান বজাত প্ৰসৱ কৰোৱা হয়। আমাৰ চিকিৎসালয় অভিজ্ঞতা সম্পন্ন ডাক্তৰৰ দলে প্ৰসৱটো কৰাইছে। সেইখিনি সময়ত মহিলা চিকিৎসক হস্পিতালৰ ডঃ আছমা শৰ্মাও আছিল। ঠিক জন্মৰ লগে লগে মন কৰিলে যে শিশুটিয়ে ভালকৈ উশাহ লব পৰা নাই। লগতে শিশুটিয়ে পেটৰ ভিতৰতে পাইখানা কৰিছিল । এই দুটা কাৰণত শিশুটিয়ে প্ৰয়োজনীয় অক্সিজেন খিনি পোৱা নাছিল। সেইকাৰণে আমি কৃটিম ভাৱে অক্সিজেন পাবৰ বাবে কৃটিম ভেন্টলেটৰত  শিশুটি কিছুদিনৰ বাবে ৰাখিলো। অপাৰেচনৰ পিছত আমি ৰোগীজনী আন ৰোগীৰ দৰেই একেধৰণেই দৰৱ-পাতি দিয়া হৈছিল। আৰু যিটো চতুৰ্থ দিনত আমি ৰিলিজ দিওঁ, ঠিক সেইধৰণেই আমি ৰিলিজ দিছো। প্ৰসূতীগৰাকীক আমি চতুৰ্থ দিনত ৰিলিজ দিয়াৰ পিছত শিশুটি আমাৰ এনআইচিইউ  আছিল আৰু প্ৰসূতি গৰাকী হস্পিতালৰ পৰা ২০০মিটাৰ দূৰত আৱাসিক ভাড়া লৈ আছিল ২০দিনৰ বাবে। প্ৰতিদিনেই প্ৰসূতি গৰাকী হস্পিতালত ৫-৬বাৰকৈ আহি শিশুটিক চাই যায়। পিছৰ ফালে তেওঁ দুগ্ধপান ও কৰিছিল। সেই ২৫ দিনত মাতৃ গৰাকীয়ে আমাৰ কোনো এজন গাইন'ক'লজীছৰ পৰা এটাও বেলেগ দৰৱ, আল্ট্ৰাচাউণ্ড, তেজ পৰীক্ষা কৰিবলগীয়া হোৱা নাছিল। শিশুটি প্ৰথমতে ভেন্টেলেটৰত আছিল । তাৰ পিছত আমি অক্সিজেন দিলো শিশুটি ১৫-২০দিনত যিমান খিনি উন্নত হ'ব লাগিছিল হোৱা নাছিল। তেওঁলোকে আমাক অনুৰোধ কৰি আছিল যে আমি শিশুটি স্থানান্তৰিত কৰো। আমাৰ ইয়াত যদিও তিনিজন অভিজ্ঞ শিশু ডক্তৰ দিনে-নিশাই থাকে, তেওঁলোকে জোৰ কৰাত আমি তেওঁলোকক অক্সিজেন দি গুৱাহাটীৰ প্ৰতীক্ষা হস্পিতাললৈ পঠিয়াই দিলো। তাত গৈ ৫-৬দিন থাকি শিশুটিৰ মৃত্যু হোৱা বুলি আমি খবৰটি পালো। মৃত্যুৰ যিখন প্ৰমাণ পত্ৰ তাত  প্ৰতীক্ষা হস্পিতালে লিখি দিছে যে শিশুটিৰ মৃত্যুৰ মূখ্য কাৰণটো হৈছে birth especia অৰ্থাৎ জন্মতে প্ৰয়োজনীয় অক্সিজেন ল'ব পৰা নাছিল আৰু আনটো কাৰণ হ'ল পাইখানা পেটৰ ভিতৰত কৰি সেইটো উশাহৰ ৰাস্তাত গৈ উশাহৰ অক্সিজেন চলাচল কৰা কোষবিলাক বন্ধ কৰি দিছিল।  কৃটিম ভেন্টেলেটৰত উন্নত কৰাই শিশুটো আমাৰ হস্পিতাৰত সুকলমে ২০দিন আছিল। প্ৰতীক্ষা হস্পিতালত যিটো এমআৰআই কৰিছিল তাৰ পৰীক্ষাৰ নথিপত্ৰত দেখুৱাইছে যে শিশুটিৰ ছালৰ তলত কিছু তেজ জমা হৈছে যিটো যিকোনো স্বাভাৱিক প্ৰসৱ হোৱাটো থাকে, সেইটো কোনো আভ্যন্তৰীণ নহয়। সেইটো কোনো কাৰণতে শিশুৰ মৃত্যুৰ কাৰণ হ'ব নোৱাৰে। তাৰোপৰি ইয়াৰ কাৰণ হিচাপে এমআৰআইত  লিখিছে hypoxic eschemic capalothic, মানে হ'ল যিমানখিনি অক্সিজেন শিশুটিয়ে শৰীৰত পাব লাগে সেইখিনি পোৱা নাই, eschemia মানে হ'ল যেনেকৈ ক'ৰবাত গাঠি দি থ'লে তাৰ দূৰৰ ঠাইত থকা ঠাইখিনিত অক্সিজেন নাপালে তেজ জমা হৈ ক'লা পৰি উঠে। যাৰ কাৰণে তেজ চলাচল কৰা শিৰাবিলাক দুৰ্বল হৈ সৰু সৰু ক'লা তেজৰ দাগ দেখা যায়। মাজত যদি তেওঁলোকৰ যাওঁতে বা প্ৰতীক্ষা হস্পিতালত কিবা হৈছে সেইটো আমি কব নোৱাৰো। ইয়াৰোপৰি মাক জনীয়ে কৈছে যে তেওঁৰ প্ৰসৱৰ সময়ত trauma হৈছিল। এই traumaটো মোৰ হাতত আল্ট্ৰাচাউণ্ডৰ পৰীক্ষাৰ নথিপত্ৰটো আছে।  ডক্তৰ হিতেন্দ্ৰ কলিতাই সংবাদমেলৰ যোগেদি জনায় যে প্ৰতীক্ষা হস্পিতাল আৰু স্বস্তি হাস্পতালৰ সকলো পৰীক্ষাৰ ফলাফলৰ মিল আছে। মাথোঁ ফলাফলৰ লিখনিৰ বাক্য কিছুমানৰ ৰূপটো অলপ বেলেগ ধৰণৰ। কিন্তু কোনো অমিল ৰিপৰ্ট হোৱা নাই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা