নলবাৰীত সমন্বয় গ্ৰন্থমেলাত উন্মোচন হ'ব ব্যতিক্ৰমী উপন্যাস "নলবাৰী কলেজ"

নলবাৰীত সমন্বয় গ্ৰন্থমেলাত উন্মোচন হ'ব ব্যতিক্ৰমী উপন্যাস "নলবাৰী কলেজ"


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৯ ফেব্ৰুৱাৰী*


অহা ৩ মাৰ্চৰ পৰা ৮ মাৰ্চলৈ নলবাৰীৰ নাট্যমন্দিৰ প্ৰাঙ্গনত আয়োজন কৰা হ'ব অষ্টম সমন্বয় গ্ৰন্থমেলা ৷ এইবাৰৰ সমন্বয় গ্ৰন্থমেলাত সামাজিক, শৈক্ষিক, সাংস্কৃতিক অনুষ্ঠানৰ সহযোগত সমন্বয় গোষ্ঠীয়ে ৰূপায়ণ কৰিব ৷ অহা ৩ মাৰ্চৰ বিয়লি ২ বজাত গ্ৰন্থমেলা উদ্বোধন কৰিব বিশিষ্ট শিক্ষাবিদ ড৹ অমৰজ্যোতি চৌধুৰীয়ে আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাহিত্যাচাৰ্য ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্য আৰু নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেবচৌধুৰী ৷ অষ্টম সমন্বয় গ্ৰন্থমেলা উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ, চিত্ৰাঙ্কন, কবিতা আবৃত্তি ইত্যাদি প্ৰতিযোগিতাৰো দিহা কৰা হৈছে ৷ গ্ৰন্থমেলাৰ প্ৰাঙ্গনত প্ৰতিদিনে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, অন্তৰঙ্গ আলাপ, কবি সন্মিলন আদিও অনুষ্ঠিত হ'ব ৷ একেদৰে প্ৰতি সন্ধিয়া মুকলি প্ৰশ্নমঞ্চ অনুষ্ঠিত হ'ব ৷ গ্ৰন্থমেলাৰ বিপনীত অসমৰ আগশাৰীৰ সকলো প্ৰকাশকৰ গ্ৰন্থ বিশেষ ৰেহাই মূল্যত সহজলভ্য হ'ব ৷ দিনৰ ১০ বজাৰ পৰা নিশা ৯ বজালৈ মুকলি থাকিবলগীয়া এইবাৰৰ সমন্বয় গ্ৰন্থমেলাখন নলবাৰীৰ গ্ৰন্থমেলা আন্দোলনৰ অন্যতম অগ্ৰণী ব্যক্তি, শিক্ষাবিদ প্ৰয়াত ধৰমচান্দ জৈন আৰু কণ্ঠশিল্পী প্ৰয়াত গোলক বৰ্মণৰ নামত উৎসৰ্গা কৰা হ'ব ৷ গ্ৰন্থমেলাখন সৰ্বতোপ্ৰকাৰে সফল কৰি তুলিবলৈ ৰাইজৰ সহায়-সহযোগ আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা প্ৰধান জিতেন ডেকাই ৷ 

                     উপন্যাস জীৱন উদযাপনৰ ৰসাল উপাদান ৷ এইবাৰৰ এই সমন্বয় গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানতে উন্মোচন হ'ব জনপ্ৰিয় ঔপন্যাসিক কমল শৰ্মাৰ 'নলবাৰী কলেজ' নামৰ এখন ব্যতিক্ৰমী উপন্যাস ৷ নলবাৰী কলেজৰ পঁয়সত্তৰ বছৰীয়া মহাৰজত জয়ন্তী উপলক্ষে ৰচিত এই উপন্যাস উন্মোচন কৰিব বিশিষ্ট শিক্ষাবিদ ড৹ অমৰজ্যোতি চৌধুৰীয়ে ৷ গুৱাহাটীৰ পাঞ্চজন্য পাব্লিকেচনে প্ৰকাশ কৰি উলিয়াইছে বহুচৰ্চিত উপন্যাসখন ৷


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা