জামুগুৰিহাটত আজিৰপৰা অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস

#জামুগুৰিহাটত আজিৰপৰা অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস৷



ফাষ্ট নিউজ,জামুগুৰিহাট, ৬ ফেব্ৰুৱাৰী: অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সৰ্বাঙ্গীন উন্নতিৰ হকে গঠন হোৱা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱস আৰু সাহিত্য উৎসৱ কাইলৈৰপৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসুচীৰে জামুগুৰিহাটত অনুষ্ঠিত হ'ব৷ইতিমধ্যে এই অনুষ্ঠান উদযাপনৰ বাবে গোলাপ কলিতাক সভাপতি, ডা: হৰেন শইকীয়াক কাৰ্যকৰী সভাপতি, ৰঞ্জিত বৰঠাকুৰ আৰু চাৰুকমল নেওগক প্ৰধান সম্পাদক হিচাপে লৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে উদ্যোক্তাসকলে। প্ৰতিষ্ঠা দিৱস আৰু সাহিত্য উৎসৱৰ কাৰ্যসূচী অনুসৰি কাইলৈ অৰ্থাৎ ৭ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাত বিশ্বনাথ জিলাৰ উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে মুখ্য দ্বাৰ উদ্ঘাটন কৰাৰ পাছত প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ দ্বাৰ উদ্ঘাটন কৰিব শোণিতপুৰ জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে।পুৱা ১১ বজাত উদযাপন সমিতিৰ সভাপতি গোলাপ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া উদ্বোধনী আৰু সম্বৰ্ধনা সভা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অজিত হাজৰিকা৷দৰং মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক পূৰ্ণেশ্বৰ নাথে উদ্বোধন কৰিবলগীয়া অনুষ্ঠানত পাঁচিঘাট চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ধৰ্মেশ্বৰ হাজৰিকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব৷দুপৰীয়া ১ বজাত জামুগুৰিহাটৰ প্ৰবীণ শিল্পী ফুল হাজৰিকাই বিয়ানাম প্ৰতিযোগিতা উদ্বোধন কৰা লগতে সন্ধিয়া জামুগুৰিহাটৰ নিৰ্বাচিত শিল্পীৰ দ্বাৰা পৰিৱেশন কৰিবলগীয়া “উদ্যোগ পৰ্ব” ভাওনা উদ্বোধন কৰিব বিশিষ্ট মঞ্চ আৰু চলচ্চিত্ৰ শিল্পী ভোলা কটকীয়ে।নিশালৈ প্ৰতিনিধি সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হব।দ্বিতীয় দিনা অৰ্থাৎ ৮ ফেব্ৰুৱাৰীত পুৱা ৯-৩০ বজাত অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি লোকনাথ গোস্বামীয়ে পতাকা উত্তোলন কৰাৰ পাছত ১০ বজাত সন্মিলনীৰ কাৰ্যকৰী সভাপতি ড° মুকুল চক্ৰৱৰ্তী আৰু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ হৰেন শইকীয়াই স্মৃতি তৰ্পণ কৰিব। আনহাতে ১০-৩০ বজাত বিশিষ্ট সাহিত্যিক, ছাত্ৰ-ছাত্ৰী আৰু লেখক-পাঠকৰ মাজত অন্তৰংগ আলাপ উদ্বোধন কৰিব সন্মিলনীৰ সভাপতি লোকনাথ গোস্বামীয়ে।কাৰ্যকৰী সভাপতি ড° মুকুল চক্ৰৱৰ্তীৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া অনুষ্ঠানত বিশিষ্ট কবি আনিছ উজ জামান,বিশিষ্ট নাট্যকাৰ তথা নাট পৰিচালক ৰফিকুল হোছেইন,বিশিষ্ট লেখিকা ড° অনুৰাধা শৰ্মা (ৰুদ্ৰাণী শৰ্মা),সাহিত্য অকাডেমি যুৱ বঁটা প্ৰাপক,ঔপন্যাসিকা,গল্পকাৰ প্ৰাৰ্থনা শইকীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।অনুষ্ঠানটোৰ সহযোগী সঞ্চালক হিচাপে থাকিব বিশিষ্ট সাংবাদিক বেদব্ৰত বৰা।সমান্তৰালকৈ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ সভাকক্ষত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। ১১-৩০ বজাত প্ৰতিনিধি সভাৰ দ্বিতীয় বৈঠকৰ অন্তত গ্ৰন্থ উন্মোচনী আৰু বঁটা বিতৰণী সভা উদ্বোধন কৰিব খাগৰীজান মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড° সাগৰ বৰুৱাই।অৰুণাচল প্ৰদেশৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি বৰা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিবলগীয়া অনুষ্ঠানত বিহপুৰীয়া মহাবিদ্যালয়ৰ অৱসৰী মুৰব্বী অধ্যাপক ড° প্ৰবীণ শইকীয়াই স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে অসমীয়া সাহিত্য সন্মিলনীৰ মুখ্য সচেতক ড° দিলীপ বৰাই শ্ৰদ্ধাঞ্জলি গ্ৰন্থ উন্মোচন কৰিব। সন্ধিয়ালৈ বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়াই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰিবলগীয়া নাট্যানুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট নাট পৰিচালক ৰফিকুল হোছেইনে।অন্তিম দিনা অৰ্থাৎ ৯ ফেব্ৰুৱাৰীৰ ৯-৩০ বজাত  বিশিষ্ট শিল্পী পংকজ বৰদলৈয়ে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব।বিয়লি ১-৩০ বজাত সন্মিলনীৰ সভাপতি, গণশিল্পী লোকনাথ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া মুকলি সভাত বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দুলদুল বৰকটকী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা