কা’ বাতিলৰ দাবীত নলবাৰীত আকৌ এবাৰ খিলঞ্জীয়াৰ বজ্ৰ গৰ্জন*

*’কা’ বাতিলৰ দাবীত নলবাৰীত আকৌ এবাৰ খিলঞ্জীয়াৰ বজ্ৰ গৰ্জন*


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৪ ফেব্ৰুৱাৰী*

সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অসমৰ শিল্পী সমাজ, নলবাৰী জিলাৰ বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত নাগৰিকত্ব সংশোধনী আইন-২০১৯ ‘কা'[C(A)A] বাতিলৰ দাবীত খিলঞ্জীয়াৰ বজ্ৰ গৰ্জন ৷ অহা ৬ ফেব্ৰুৱাৰীৰ পুৱা ১০-৩০ বজাৰ পৰা চৰকাৰী ঐতিহাসিক গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত হ'বলগীয়া খিলঞ্জীয়াৰ বজ্ৰ গৰ্জনত ভাষা, সংস্কৃতি, পৰিচয় আৰু অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে স্বতঃস্ফুৰ্তভাৱে অংশগ্ৰহণ কৰি ৰাইজৰ সক্ৰিয় সহযোগিতা কামনা কৰিছে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই ৷ উক্ত খিলঞ্জীয়াৰ বৰ্জ গৰ্জনত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা বাসৱ চন্দ্ৰ কলিতা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান মৃণাল দাস, সদৌ অসম উকীল সন্থাৰ সাধাৰণ সম্পাদক দীপক দাস, সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক আজিজুল ৰহমানৰ লগতে উপস্থিত থাকিব জাতীয়-জনগোষ্ঠীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃবৃন্দ আৰু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, বাবু বৰুৱা, দীপলিনা ডেকা, অৰুণ হাজৰিকা তথা বহুকেইগৰাকী শিল্পী ৷

প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা