শিৱসাগৰত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ হৃদয়হীন কাৰ্য: ধন দিবলৈ অসমৰ্থ বাবেই ৪৫ মিনিট সময় বিনা চিকিৎসাই চোতালতে পেলাই ৰাখিলে দূৰ্ঘটনাত আঘাতপ্ৰাপ্ত মুমূৰ্ষু মহিলাক

শিৱসাগৰত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ হৃদয়হীন কাৰ্য:  ধন দিবলৈ অসমৰ্থ বাবেই ৪৫ মিনিট সময় বিনা চিকিৎসাই চোতালতে পেলাই ৰাখিলে দূৰ্ঘটনাত আঘাতপ্ৰাপ্ত মুমূৰ্ষু মহিলাক:  সাংবাদিকৰ কেমেৰা দেখিহে দিলে প্ৰাথমিক চিকিৎসা 


ফাৰ্ষ্ট নিউজ ৰিপৰ্ট  শিৱসাগৰ ,২৭ ফেব্ৰুৱাৰী : শিৱসাগৰৰ নগৰৰ সমীপৱৰ্তী বাইপাছৰ অনামিকা ডিলাৰৰ সন্মুখত সংঘটিত এক  পথ দূৰ্ঘটনা সংঘটিত হয় | উক্ত ঘটনাটো সংঘটিত কৰা তীব্ৰ বেগী বাহনখনে খুন্দিয়াই থৈ গল এগৰাকী মহিলাক | ঘটনাটোত গুৰুত্ব ভাবে আঘাটপ্ৰাপ্ত মহিলাগৰাকী বৰ্তমানলৈকে চিনাক্ত হোৱা নাই |
আনহাতে গাড়ীৰ খুন্দাত গুৰুতৰভাবে আহত অচিনাক্ত মহিলাগৰাকীক দুজন হৃদয়বান লোকে নিজা বাহনত চিকিৎসাৰ বাবে লৈ আহে ঘটনাস্থলীৰ পৰা ৫০০ মিটাৰ নিলগৰ প্ৰগতি নাৰ্চিং হোমলৈ | আচৰিত কাণ্ড যে এই মহিলাগৰাকীক ধনৰ লালসাত বন্দী নাৰ্চিং হোম কৰ্তৃপক্ষই অভিভাৱক নথকাৰ অজুহাতত ৪৫ মিনিট ধৰি প্ৰাথমিক চিকিৎসাই প্ৰদান নকৰিলে দূৰ্ঘটনাগ্ৰস্ত মহিলাগৰাকীক |
যন্ত্ৰনাত চটফটাই থকা মহিলা গৰাকী তেজৰে লুটুৰি পুতুৰী অৱস্থাতে পৰি থাকিল বিনাচিকিৎসাই চিকিৎসালয়খনৰ বাহিৰৰ চোতালত | দুৰ্ঘটনাৰ খবৰ পাই প্ৰগতি নাৰ্চিং হোমত উপস্থিত সাংবাদিকৰ দল ৷ চিকিৎসালয়খনৰ এই কা্র্ডৰ সম্পৰ্কে উপায়ুক্ত কাৰ্যালয়ত অভিযোগ দিলে সাংবাদিকে ৷ উল্লেখ্য যে সাংবাদিকৰ কেমেৰা দেখিহে হুচ আহিল চিকিৎসালয়খনৰ চিকিৎসক নাৰ্চৰ  ৷ ৪৫ মিনিট সময় বিনা চিকিৎসাই নাৰ্চিং হোমৰ চোতালতে পেলাই ৰখা মহিলা গৰাকীক প্ৰদান কৰিলে প্ৰাথমিক চিকিৎসা |
ইফালে দীৰ্ঘ সময়  চিকিৎসা লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত সংকটজনক হৈ পৰিছে মহিলা গৰাকীৰ অৱস্থা |
বৰ্তমান উন্নত চিকিৎসাৰ বাবে স্থানান্তৰ কৰিছে শিৱসাগৰ অসামৰিকচিকিৎসালয়লৈ |
উল্লেখ্যোগ্য যে শিৱসাগৰত নাৰ্চিং হোমৰ এনে মইমতালি নতুন বিষয় নহয় ৷ পূৰ্বেও নাৰ্চিং হোমৰ এনে কাৰ্যৰ বাবে চিকিৎসা বঞ্চিত হৈ মৃত্যু হৈছে বহুজনৰ ৷ ৰাইজৰ ৰোষত পৰিছে চিকিৎসক আৰু চিকিৎসালয় ৷ কিন্তু জিলা স্বাস্থ্য বিভাগে নিয়ন্ত্ৰণ কৰিবলৈ অদ্যপি সক্ষম হোৱা নাই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ দৌৰাত্ম্য ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা