বেবেজীয়াত অত্যাধুনিক ব্যায়ামাগাৰ মুকলি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ ফেব্ৰুৱাৰীঃ সুন্দৰ, সুঠাম আৰু নিৰোগী শৰীৰৰ বাবে ব্যায়াম অপৰিহাৰ্য ৷ নিজৰ শৰীৰটো সুস্থ-সবল কৰি ৰাখিবৰ বাবে বৰ্তমান সময়ত শাৰীৰিক কছৰতৰ অতিকে জৰুৰী হৈ পৰিছে ৷ এনে এক মহান উদ্দেশ্য আগত ৰাখি নগঞা এক প্ৰতিভাৱান শৰীৰচৰ্চাবিদ মুকেশ বনিয়াই জিলাখনৰ বেবেজীয়াত স্থাপন কৰিছে "ফিটনেছ ফাৰ্ষ্ট" নামৰ এক ব্যায়ামাগাৰ ৷ অত্যাধুনিক সা-সুবিধাযুক্ত এই ব্যায়ামাগাৰটো আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ শুভ উদ্বোধন কৰি বিধায়কগৰাকীয়ে ব্যায়ামাগাৰটো পৰিদৰ্শন কৰি নিজেও ব্যায়াম কৰি ক্ষণিকৰ বাবে সকলোকে আপ্লুত কৰি তোলে ৷ গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী অনুষ্ঠানটোত স্থানীয় বহুকেইজন বিশিষ্ট নাগৰিক উপস্থিত থাকি যুৱ শৰীৰচৰ্চাবিদজনৰ এনে মহান প্ৰচেষ্টাৰ শলাগ লয় ৷ বৰ্তমান প্ৰায় শতাধিক যুৱকে শৰীৰচৰ্চাৰ বাবে উক্ত ব্যায়ামাগাৰত নামভৰ্তি কৰিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য, ইতিমধ্যে NABBA/WFF Mr. India Fitness-2014, মিষ্টাৰ কামৰূপ, মিষ্টাৰ নগাঁও, মিষ্টাৰ আছাম জুনিয়ৰ, মিষ্টাৰ ফিটনেছ আছামকে ধৰি বহুকেইটা খিতাপ দখল কৰিবলৈ সক্ষম হোৱা উদীয়মান শৰীৰচৰ্চাবিদ মুকেশ বনিয়াই ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া কেইবাটাও ইভেন্টৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা