মুকালমুৱাত কংগ্ৰেছৰ পৰ্যালোচনা সভাত AICC ৰ সম্পাদক আদিত্য শৰ্মা।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ মুকালমুৱাত কংগ্ৰেছৰ পৰ্যালোচনা সভা।মুকালমুৱাস্থিত ৰাজীৱ ভৱণত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত অংশ লয়  AICC ৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক আদিত্য শৰ্মা।
বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ আৰু বৰভাগ ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত পৰ্যালোচনা সভাত উপস্থিত থাকি আদিত্য শৰ্মাই বিজেপি চৰকাৰক চোকা সমালোচনা কৰি কয় আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ১০১ আসন লাভ কৰি অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হব। বিজেপিৰ সাম্প্ৰদায়িক শক্তিৰ উৎখাত  হব বুলিও মন্তব্য কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক আদিত্য শৰ্মাই।
বৰক্ষেত্ৰী আৰু বৰভাগ মণ্ডলৰ বিষয়ৱবীয়া সকলৰ লগত দলীয় আলোচনা কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা পৰ্যালোচনা সভাখনত কেইবাগৰাকীও কংগ্ৰেছ নেতা উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা