নগাঁৱত গল্প সৌৰভ যতীন বৰা সোঁৱৰণী বঁটা প্ৰদান

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২১ ফেব্ৰুৱাৰীঃ গল্প সৌৰভ যতীন বৰা সোঁৱৰণী বঁটা দেওঁবাৰে প্ৰদান কৰা হয় ৷ নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী তোদী স্মৃতি ভৱন প্ৰেক্ষাগৃহত নগাঁও জিলা চৰকাৰী পেঞ্চনাৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা গল্প সৌৰভ যতীন বৰাৰ দ্বাদশ বৰ্ষ স্মাৰক বক্তৃতা অনুষ্ঠান আৰু গল্প সৌৰভ যতীন বৰা সোঁৱৰণী সাহিত্য বঁটা প্ৰদান অনুষ্ঠানটিত বঁটাটি আনুষ্ঠানিকভাবে ৰামধেনু যুগৰ বিশিষ্ট গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱাক প্ৰদান কৰা হয় ৷ এই মৰ্মে, নগাঁও জিলা চৰকাৰী পেঞ্চনাৰ সন্থাৰ সভাপতি আব্দুল হুছেইনৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানটিৰ আৰম্ভণিতে সমবেত ৰাইজক উদ্দেশ্যি আদৰণি ভাষণ আগবঢ়াই সন্থাৰ প্ৰাক্তন সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুকুল শইকীয়াই ৷ সন্থাৰ সম্পাদক জীৱ প্ৰসাদ বৰকটকীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি  নাৰী সৱলীকৰণ শীৰ্ষক স্মাৰক বক্তৃতা প্ৰদান কৰে নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা বিশিষ্টা লেখিকা কল্পনা হাজৰিকা গায়নে ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা তথা গল্প সৌৰভ খ্যাত প্ৰয়াত কথা সাহিত্যিক যতীন বৰাৰ পত্নী লীলাৱতী শইকীয়া বৰা অনুষ্ঠানত অংশ গ্ৰহণ কৰি সৰ্বপ্ৰথম বাৰৰ বাবে তেখেতৰ স্বামীৰ নামত উৎসৰ্গা কৰা বঁটা স্বামীৰ একালৰ প্ৰিয় ছাত্ৰ তথা ৰামধেনু যুগৰ প্ৰখ্যাত গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱাক নগাঁও পেঞ্চনাৰ সন্থাৰ জৰিয়তে আগবঢ়াবলৈ পাই কৃতাৰ্থ হোৱা বুলি অনুভৱ প্ৰকাশ কৰে ৷ যুৱ লেখক-সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে গল্পকাৰ ৰাজখোৱাৰ গল্প সম্পৰ্কে শ্ৰুতি-মধুৰ বক্তব্য দাঙি ধৰা অনুষ্ঠানটিত চন্দ্ৰকান্ত হাজৰিকা, যতীন্দ্ৰনাথ হাজৰিকা, ৰত্নমালা শইকীয়া, মহেন্দ্ৰ মহন্ত,মাধন শইকীয়া, অনিমা শৰ্মা, লম্বোদৰ হাজৰিকা, ঠগীত মহন্ত, ভৱেশ মেধি, ৰিণি নেওগ বৰাকে ধৰি অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰা আঢ়ৈ কুৰিৰো অধিক লোকৰ সমাবেশ ঘটা অনুষ্ঠানটিত মোম্বাইৰ ছবি জগতৰ বিখ্যাত কৰিঅগ্ৰাফাৰ কমল নাথ উপস্থিত থাকে ৷ অনুষ্ঠানটিত গল্পকাৰ ৰাজখোৱাক প্ৰদান কৰা বঁটাৰ লগত ফুলাম গামোচা,জাপি, চেলেং, সন্মান পত্ৰ, স্মাৰক আৰু নগদ পাঁচ হেজাৰ টকা আগবঢ়োৱা হয় ৷ লেখক লুইত দত্তই শলাগৰ শৰাই আগবঢ়োৱাৰ অন্তত জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পেলোৱা হয় ৷

Comments

Post a Comment